অসম

assam

By

Published : Aug 13, 2022, 6:10 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / videos

মৰেল পুলিচৰ আক্ৰমণত আঘাতপ্ৰাপ্ত মেৰাপানীৰ ষাঠি উৰ্ধৰ বৃদ্ধ

মেৰাপানীত সংঘটিত হৈছে অমানবীয় ঘটনা । মৰেল পুলিচৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হ’ল মেৰাপানীৰ এজন ষাঠিৰ উৰ্ধৰ বৃদ্ধ (Moral policing at Merapani)। এই আক্ৰমণৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে চছিয়েল মিডিয়াত । মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত দয়ালপুৰৰ যোগেছীপথাৰ গাঁৱত সংঘটিত হয় এই জঘন্য ঘটনা । পথাৰত বিহ দি হাঁহ মৰাৰ সন্দেহত দুজন ব্যক্তিক দহ-পোন্ধৰজনীয়া এটা দলে আক্ৰমণ কৰে । ব্যক্তিজনৰ গাঁৱৰ সমীপৰে পাহাৰতুলি গাঁৱৰ একাংশ লোকে ঘৰৰ পৰা উঠাই দি অমানুষিক অত্যাচাৰ চলায় বৃদ্ধজনৰ লগত আন এজন যুৱকক । ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বগা বসুমতাৰী নামৰ বৃদ্ধজনৰ আৰু আন এজন যুৱক । ঘটনাৰ সন্দৰ্ভত মেৰাপানী থানাত(Merapani Police Station) এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানেও গ্ৰেপ্তাৰ হোৱা নাই এজনো লোক ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details