Obscene comments: সংগীত পৰিচালক মৃণালকান্তি মেধিৰ বিৰুদ্ধে গোচৰ - FIR against Music director Mrinal Kanti Medhi
টীয়ক, ১৬ মে':জনপ্ৰিয় সংগীত পৰিচালক মৃণালকান্তি মেধিয়ে সামাজিক মাধ্যমত জাতিৰ পিতা মহাত্মা গান্ধী আৰু দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে কৰা কেতবোৰ অপমানসূচক মন্তব্যই সমগ্ৰ ৰাজ্যতে চৰ্চা লাভ কৰিছে (Derogatory comments on Mahatma Gandhi)। ইয়াৰ পিচতেই উক্ত মন্তব্যক বিভিন্ন দল-সংগঠনে গৰিহণা দিছে । সমগ্ৰ ৰাজ্যৰ লগতে টীয়কৰতো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে (FIR against Music director Mrinal Kanti Medhi)।
অসম ৰাজ্যিক এন এছ ইউ আইৰ সভাপতি কৃশানু বৰুৱাই টীয়ক আৰক্ষী থানাত মঙলবাৰে সংগীত শিল্পী মৃণালকান্তি মেধিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে (NSUI file FIR against Mrinal Kanti Medhi)। লগতে এনে অপমানসূচক মন্তব্য ভৱিষ্যতে নকৰিবলৈ সকীয়নি দিয়ে এন এছ ইউ আইৰ সভাপতিগৰাকীয়ে । ইপিনে, টীয়ক যুৱ কংগ্ৰেছৰ সভাপতি অৰিন্দম তামুলী, কলিয়াপানী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক চন্দন বৰুৱা, মেডিয়া কোষৰ সমন্বয়ক পল্লব হাজৰিকা, দিগন্ত চুতীয়া, মিঠু পৱন গগৈয়ে এই কাৰ্যক গৰিহণা দিছে ।
লগতে পঢ়ক:Rojgar mela 2023: ৰোজগাৰ মেলাৰে ১০ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ লক্ষ্য ভাজপা চৰকাৰৰ
TAGGED:
Obscene comments