অসম

assam

Amritpal Singh updates: ডিব্ৰুগড় কাৰাগাৰত উপস্থিত NSA ৰ উপদেষ্টাৰ দল

By

Published : May 24, 2023, 11:06 AM IST

Updated : May 24, 2023, 11:25 AM IST

ডিব্ৰুগড় কাৰাগাৰত উপস্থিত NSA ৰ উপদেষ্টাৰ দল

মৰাণ, 24 মে’ : ডিব্ৰুগড়ত উপস্থিত হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা আইন (NSA)ৰ উপদেষ্টা দল ৷ মঙলবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিংসহ 10 গৰাকী খালিস্তানী নেতাক জেৰা চলাব এন এছ এ উপদেষ্টাৰ তিনিজনীয়া দলটোৱে (NSA advisory team in Dibrugarh jail) ৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে 10 গৰাকী খালিস্তানী নেতাক (Amritpal Singh in Dibrugarh) ৷ 

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্বাবিহুল হাস্নেইনৰ অধ্যক্ষতাত গঠিত হোৱা এই এন এছ এৰ উপদেষ্টা সমিতিৰ দলটোত আছে সদস্য সুভীৰ চেওখান্দ, ডিভানশু জৈন (Khalistani leaders in Dibrugarh central jail)। বিগত ১৯ মাৰ্চৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিংসহ 10 গৰাকী খালিস্তানী নেতা কাৰাবন্দী হৈ আছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ।

লগতে পঢ়ক:Amritpal Singh Parents in Dibrugarh: কাৰাবন্দী খালিস্তানী নেতা অমৃতপাল সিঙক সাক্ষাৎ পিতৃ-মাতৃৰ

Last Updated : May 24, 2023, 11:25 AM IST

ABOUT THE AUTHOR

...view details