অসম

assam

ETV Bharat / videos

Protest in front of NRL main entrance: নুমলীগড় শোধনাগাৰত বাদামৰ পেকেট লৈ শ্ৰমিকৰ প্ৰতিবাদ

By

Published : Jan 27, 2023, 5:14 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

গোলাঘাট, ২৭ জানুৱাৰী: এটা বাদামৰ পেকেটক লৈ শুকুৰবাৰে উত্তাল হৈ পৰে নুমলীগড় শোধনাগাৰৰ চৌহদ ৷ চোলাত বাদামৰ পেকেট বান্ধি নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শোধনাগাৰৰ একাংশ শ্ৰমিকে(Protest in front of NRL main entrance) ৷ নুমলীগড় শোধনাগাৰৰ এজন শ্ৰমিকক বিনা দোষত চাকৰিৰ পৰা নিলম্বন কৰাৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত কৰে শোধনাগাৰৰ একাংশ শ্ৰমিকে(Protest in NRL Golaghat) ৷ 

উল্লেখ্য যে, প্ৰায় সাতদিনৰ পূৰ্বে অৰ্থাৎ ২০ জানুৱাৰী দিনা নুমলীগড় শোধনাগাৰৰ মুখ্যভোজনালয়ত কৰ্মৰত এজন ঠিকা শ্ৰমিকক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল ৷ শ্ৰমিকজনে নুমলীগড় শোধনাগাৰৰ এজন বিষয়াক দিয়া বাদামৰ পেকেটৰ ম্যাদ উকলি গৈছিল । যাৰ বাবে পাচত তেওঁক নিলম্বন কৰা হয় ৷ কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল- উক্ত বাদামৰ পেকেটটো শ্ৰমিকজনে তেওঁলোকৰ মুখ্যভোজনালয়ৰ পৰা আনি বিষয়াজনক দিছিলহে মাত্ৰ ।উক্ত শ্ৰমিকজনৰ কাম কেৱল খাদ্য-সামগ্ৰী বিষয়া-কৰ্মচাৰীক যোগান ধৰাহে আছিল ।

ভোজনালয়টোত কোনটো সামগ্ৰীৰ ম্যাদ উকলিল তথা কোনটো সামগ্ৰী বেয়া হ’ল তাৰ দেখৰেখৰ দায়িত্বত শ্ৰমিকজনৰ নাছিল ৷ ভোজনালয়ৰ সামগ্ৰীৰ মাপকাঠি তথা দেখৰেখৰ দায়িত্বৰ বাবে আন কৰ্মচাৰী নিযুক্তি দিয়া আছে ৷ কিন্তু আচৰিতজনকভাৱে কোনো তদন্তৰ অবিহনে ভোজনালয়ৰ দায়িত্বত থকা কৰ্মচাৰীজনৰ পৰিবৰ্তে শ্ৰমিকজনক চাকৰিৰ পৰা নিলম্বন কৰাক লৈ জাঙুৰ খাই উঠিছে নুমলীগড় শোধনাগাৰৰ বৃহত্তৰ শ্ৰমিক ইউনিয়ন ।

নুমলীগড় শোধনাগাৰৰ কৰ্তৃপক্ষই এচাম লোকক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে আন এচাম শ্ৰমিকৰ ওপৰত অতিশায্য চলোৱাৰ অভিযোগত কৰিছে নুমলীগড় শোধনাগাৰৰ একাংশ শ্ৰমিকে ৷ যাৰ বাবে শ্ৰমিকজনক ন্যায় দিয়াৰ দাবীত আজি এনেধৰণে বাদামৰ পেকেট লৈ প্ৰতিবাদ সাব্যস্ত কৰে নুমলীগড় শোধনাগাৰৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নে(NRL Employees Protest in front of NRL) ।

শীঘ্ৰে এই ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তি বিহাৰ লগতে শ্ৰমিকজনক ন্যায় দিয়াৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷ অন্যথা ব্যাপক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে নুমলীগড় শোধনাগাৰৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নে ৷ 

লগতে পঢ়ক:Protest in front of NRL : নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details