Protest for OPS in Jonai: জোনাইত NPS কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতি - সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংন্থা
Published : Aug 23, 2023, 8:15 PM IST
জোনাই, ২৩ আগষ্ট:সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ জোনাইতো বুধবাৰে পুৱা ১০ বজাৰ পৰা অব্যাহত ৰাখিছে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতি । উল্লেখযোগ্য যে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যত মঙলবাৰৰ পৰা দুদিনকৈ সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে ।
জোনাইতো জোনাই মহকুমা চৰকাৰী NPS কৰ্মচাৰী সন্থাই মঙলবাৰৰ পৰা নিজ নিজ কাৰ্যালয়ত সৰ্বাত্মক কৰ্মবিৰতি বুধবাৰেও ৰূপায়ণ কৰা হয় । ইফালে, ৰাষ্ট্ৰীয় পেন্সন নীতি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা, অৱসৰ গ্ৰহণ কৰা NPS ৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলক অৱসৰকালীন সকলো ব্যৱস্থা প্ৰদান কৰা কৰাৰ দাবীত জোনাই মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে চৰকাৰলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়ক:NPS workers protest: নতুন পেন্সন নীতি বাতিলৰ দাবীত কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ