NPS Employee Protest: এন পি এছ কৰ্মচাৰীৰ কৰ্মবিৰতিত অচল ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা - National Pension System
নগাঁও,22 আগষ্ট:পুনৰ অচল হৈ পৰিল সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ প্ৰশাসন ব্যৱস্থা । কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কৰ্মচাৰীৰ নতুন পেন্সন নীতি চমুকৈ এন পি এছ ব্যৱস্থাৰ বিৰুদ্ধে কৰ্মবিৰতি পালন কৰিছে নতুন পেন্সন নীতিৰ অধীনৰ কৰ্মচাৰীসকলে । মঙলবাৰৰ পৰা দুদিনীয়াকৈ কৰ্মবিৰতি পালনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে এন পি এছ কৰ্মচাৰী সন্থাই ।
সমগ্ৰ অসমৰ লগে মঙলবাৰে নগাঁৱতো এন পি এছ কৰ্মচাৰী সন্থাই গ্ৰহণ কৰে কৰ্মবিৰতি ৷ ফলত নগাঁও জিলা প্ৰশাসন ব্যৱস্থাত স্থবিৰতাই দেখা দিয়ে । নতুন পেন্সন নীতিয়ে চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যৎ অন্ধকাৰ দিশে গতি কৰাৰ আশংকা ব্যক্ত কৰিছে এন পি এছ কৰ্মচাৰীসকলে । অৱসৰৰ পাচত পেঞ্চনৰ পৰা বঞ্চিত হ’ব লগীয়া এন পি এছ কৰ্মচাৰীয়ে নতুন পেন্সন নীতি প্ৰত্যাহাৰৰ দাবীত দীৰ্ঘদিনৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।
লগতে পঢ়ক:Congress party huge booth conference:লাহৰীঘাটত কংগ্ৰেছ দলৰ বিশাল বুথ সন্মিলন