অসম

assam

আজিকোপতি নিৰ্মাণ নকৰিলে কামপুৰৰৰ ভগ্ন মথাউৰি

By

Published : Mar 12, 2023, 5:31 PM IST

ETV Bharat / videos

Embankment in Kampur: আজিকোপতি নিৰ্মাণ নকৰিলে কামপুৰৰৰ ভগ্ন মথাউৰি

কামপুৰ,১২ মাৰ্চ: সমাগত বাৰিষা, কিন্তু আজিও নিৰ্মাণ নহ'ল বানে বিধ্বস্ত কৰা কামপুৰৰৰ ভগ্ন মথাউৰিসমূহ(Not built broken embankment in Kampur) । যাৰ ফলত এতিয়া নৈ পৰীয়া ৰাইজে আতংকত দিন অতিবাহিত কৰিব লগা হৈছে । বলীয়া বানে ভাঙি তচ-নচ কৰি পেলাইছিল কামপুৰৰ গোঁসাই গাঁও, বৰচুঙকে ধৰি বহুকেইটা কপিলীৰ মথাউৰি(Flood in Kampur) । শেহতীয়াকৈ জলসম্পদ বিভাগে বৰচুঙৰ কপিলীৰ মথাউৰিত শিল বান্ধ নিৰ্মাণৰ বাবে ৬ কোটি টকা অনুমোদন দিছিল । 

শিল বান্ধ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল জনৈক দাস নামৰ এজন ঠিকাদাৰে । ৰাইজৰ অভিযোগ বিগত দুটা মাহে মাত্ৰ দুজনহে শ্ৰমিক কাম কৰা পৰিলক্ষিত হৈছে । ঠিকাদাৰজনৰ হেমাহিৰ বাবেই আজিকোপতি কাম সম্পূৰ্ণ নহ'ল । ফলত পুনৰ বানৰ আশংকাত দিন অতিবাহিত কৰিছে কামপুৰবাসী ৰাইজে । ৰাইজৰ দাবী শীঘ্ৰে বাৰিষাৰ আগে আগে মথাউৰিসমূহ নিৰ্মাণ কৰক চৰকাৰে । 

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাইয়ো(Water Resources Minister Piyush Hazarika) ঠিকাদাৰসকলক বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণৰ কাম শেষ কৰিবলৈ সকীয়নি দিছিল যদিও মন্ত্ৰীগৰাকীৰ নিৰ্দেশ পৰিণত হ'ল ফটুকাৰ ফেনত ৷ স্থানীয় ৰাইজে এতিয়া বিচাৰিছে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ ৷ অন্যথা বিগত বছৰৰ দৰে এইবছৰো বানত ককবকাব লাগিব বুলি এতিয়া শংকিত হৈ পৰিছে কামপুৰবাসী ৷ 

লগতে পঢ়ক:Scam in PM Kisan Nidhi: প্ৰধানমন্ত্ৰী কিষাণ নিধি আঁচনিৰ নামত ধন দাবী গাঁওবুঢ়াৰ; কেমেৰাত বন্দী দৃশ্য

For All Latest Updates

ABOUT THE AUTHOR

...view details