অসম

assam

Chimenmukh State Dispensary : বহু বছৰ ধৰি চিমেনমুখ ৰাজ্যিক স্বাস্থ্যকেন্দ্ৰত নাই স্থায়ী চিকিৎসক আৰু নাৰ্চ

By

Published : Apr 3, 2023, 3:55 PM IST

প্ৰকৃততে কিমান উন্নতি হৈছে ৰাজ্যৰ স্বাস্থ্যখণ্ডত !

জোনাই, ৩ এপ্ৰিল : ৰাজ্যৰ চিকিৎসা বিভাগটোৰ উত্তৰণৰ কথাকৈ বিভিন্ন সময়ত ঢাক-ঢোল বজাই থাকে ৰাজ্য চৰকাৰে ৷ কিন্তু প্ৰকৃততে কিমান উন্নয়ন হৈছে ৰাজ্যৰ স্বাস্থ্যখণ্ডত ! আজি আমি ক’বলৈ লৈছো জোনাইৰ চিমেনমুখ ৰাজ্যিক স্বাস্থ্যকেন্দ্ৰৰ কথা ৷ চিমেনমুখ ৰাজ্যিক স্বাস্থ্যকেন্দ্ৰৰ ফোপোলা স্বৰূপে উদঙাই দিছে বিভাগটোৰ পঁয়ালগা ছবি (Poor condition of Chimenmukh State Dispensary) ৷

পাঁচখন বিচনাযুক্ত এই চিকিৎসালয়ত আজি বছৰ বছৰ ধৰি নাই স্থায়ী নাৰ্চ আৰু চিকিৎসক (No permanent doctors and nurses at Chimenmukh State Dispensary) ৷ চিকিৎসালয়খনৰ দুৰৱস্থা দেখি স্থানীয় বিভিন্ন দল সংগঠনে বহু সময়ত প্ৰতিবাদ কৰি আহিছে ৷ কিন্তু স্বাস্থ্য বিভাগৰ ফালৰ পৰা লাভ কৰা নাই কোনো সুদুত্তৰ ৷ এই অভিযোগ স্থানীয় দল-সংগঠনৰ ৷

আনহে নালাগে প্ৰয়োজনীয় ঔষধ পাতিও এই স্বাস্থ্য কেন্দ্ৰটোত নথকাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ সেয়ে দীৰ্ঘদিনীয়া এই সমস্যাৰ স্থায়ী সমাধান বিচাৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :Poisonous mushrooms reaction : বিষাক্ত কাঠফুলা খাই মৃত্যু এজনৰ, পাঁচগৰাকী চিকিৎসাধীন

For All Latest Updates

ABOUT THE AUTHOR

...view details