অসম

assam

ধেমাজিত নিপুন অসম দিৱস পালন

By

Published : Mar 28, 2023, 1:42 PM IST

ETV Bharat / videos

Nipun Axom in Dhemaji: ধেমাজিত শিক্ষা বিভাগৰ উদ্যোগত নিপুন অসম দিৱস পালন

ধেমাজি, 28 মাৰ্চ:  ধেমাজি শিক্ষা খণ্ডৰ অধীনৰ হাতীপৰা আৰু পূৱ গোহাঁই গাঁও মণ্ডলৰ সৌজন্যত ধেমাজি গুৱাল চাপৰি মজলীয়া বিদ্যালয়ত সোমবাৰে নিপুন অসম দিৱস পালন কৰা হয় ৷ অনুষ্ঠানত পাঁচখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, ছাত্ৰ-ছাত্ৰী, বিদ্যালয়সমূহৰ পৰিচালনা সমিতিৰ সভাপতিসকল উপস্থিত থাকে (Nipun Axom Day celebrated in Dhemaji) ৷

উপস্থিত কেইবাগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক সাংখ্যাৰ ধাৰণাৰ ওপৰত পাঠদান কৰি উৎসাহিত কৰে ৷ এই অনুষ্ঠানৰ জৰিয়তে ৩ বছৰৰ পৰা অঞ্চলটোৰ সকলো শিশুক বিদ্যালয়মুখী কৰাৰ বাবে আন্তৰিক প্ৰচেষ্টা চলোৱা, ৬বছৰৰ পৰা সকলো শিশুক নিশ্চিতভাৱে বিদ্যালয়ত নামভৰ্তি কৰোৱা, প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ত নিয়মীয়া উপস্থিতি সম্পৰ্কে যাৱতীয় ব্যৱস্থা কৰা, নিপুন অসম কাৰ্যক্ৰমসমূহৰ বিষয়ে প্ৰতিমাহত অনুষ্ঠিত হোৱা অভিভাৱক সভা বা বিদ্যালয় পৰিচালনা সমিতিৰ সভাত আলোচনা কৰা আদি বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক বিস্তৃতভাৱে অৱগত কৰা হয় (Nipun Axom in Dhemaji) ৷

অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে শিক্ষণ সামগ্ৰী প্ৰদশৰ্ন কৰাৰ লগতে প্ৰত্যেকে আৰ্হিমূলকভাৱে মঞ্চতে পাঠদান কৰে (Nipun Axom Govt of Assam)৷

ABOUT THE AUTHOR

...view details