Passenger ferry stuck in Brahmaputra: ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ নিমাতী-মাজুলী যাত্ৰীবাহী ফেৰী - Nimati Majuli Passenger ferry
মাজুলী, 7 আগষ্ট : ব্ৰহ্মপুত্ৰ নদীৰ মাজত পুনৰ সংঘটিত হৈছে অঘটন ৷ ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ নিমাতী-মাজুলী যাত্ৰীবাহী ফেৰী । সোমবাৰে নিমাতী ফেৰী ঘাটৰ পৰা ১.৩০ বজাত কমলাবাৰী অভিমুখে আহি থকা প্ৰীতিস নামৰ যাত্ৰীবাহী ফেৰীখন ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হৈ পৰে । ফেৰীখনত প্ৰায় ৫০ গৰাকী যাত্ৰীৰ লগতে ১ খন চাৰিচকীয়া বাহন আৰু বহু কেইখন বাইক আছে বুলি জানিব পৰা গৈছে ৷ বাতৰি যুগুত কৰা সময়লৈকে ব্ৰহ্মপুত্ৰৰ মাজত প্ৰায় ১৫ মিনিত ধৰি আৱদ্ধ হৈ আছে ফেৰীখন।
ইয়াৰ পিচতে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ বৰ্তমান মাজুলীৰ পৰা আন এখন ফেৰীপৰা যাত্ৰীসকলক উদ্ধাৰ বাবে ৰাওনা হৈছে । ফেৰীখনৰ ইঞ্জিন বিকল হোৱাৰ বাবেই ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰীখন আৱদ্ধ হৈ পৰে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:Passenger ferry stuck in Brahmaputra: অঘটন, ব্ৰহ্মপুত্ৰত আৱদ্ধ যাত্ৰীবাহী ফেৰী