অসম

assam

HSLC result 2023:চিকিৎসক হোৱাৰ সপোন পঞ্চম স্থানপ্ৰাপ্ত নিলোৎপল মণ্ডলৰ

By

Published : May 22, 2023, 1:49 PM IST

ঞ্চম স্থানত উজলিল নিলোৎপল মণ্ডল

নগাঁও, ২২ মে':হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত পঞ্চম স্থান লাভ কৰি উজ্বলিল নগাঁৱৰ নিলোৎপল মণ্ডল (5th position in HSLC 2023)। মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯০ নম্বৰ লাভ কৰি পঞ্চম স্থান দখল কৰি নগাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নগাঁও আমোলাপট্টিৰ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ নিলোৎপল মণ্ডলে ।  

নিলোৎপল মণ্ডলৰ সফলতাত হাঁহি বিৰিঙিছে পৰিয়ালৰ মুখত (Shishu Vidya Niketan in Nagaon)। নিলোৎপল মণ্ডলৰ এই সফলতাত উৎফুল্লিত হৈছে শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰী শিক্ষক, শিক্ষয়িত্ৰী । ই টি ভি ভাৰতৰ সন্মুখত মনৰ ভাৱ ব্যক্ত কৰিলে পঞ্চম স্থান লাভ কৰা নিলোৎপল মণ্ডলে (HSLC exam result 2023)। ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে নিলোৎপলে । নিয়মীয়াকৈ ৯-১০ ঘন্টা অধ্য়য়ন কৰা নিলোৎপলে আজৰি সময়ত ছবি আঁকি ভাল পায় ।  

লগতে পঢ়ক:HSLC result 2023:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় স্থানত নগাঁৱৰ ইছৰাত ফাৰিহা

ABOUT THE AUTHOR

...view details