অসম

assam

ETV Bharat / videos

Amguri Railway Station new building : আমগুৰি ৰে'ল জংচনৰ নৱনিৰ্মিত গৃহ উদ্বোধন - Problems of Amguri Raulway Station

By

Published : Jan 28, 2023, 5:17 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

আমগুৰি, ২৮ জানুৱাৰী :শিৱসাগৰ জিলাৰ আমগুৰিত শনিবাৰে নৱনিৰ্মিত আমগুৰি জংচনৰ গৃহ উদ্বোধন কৰা হয় । উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক আনচুল গুপ্তাই নৱ নিৰ্মিত গৃহটো উদ্বোধন কৰে (NF Railway GM inaugurated Amguri station building)। আমগুৰি ৰে'ল জংচন পৰিদৰ্শন কৰাৰ সময়তে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক আনচুল গুপ্তাই উদ্বোধন কৰে অত্যাধুনিক গৃহটো । মহাপ্ৰৱন্ধকগৰাকীয়ে নৱনিৰ্মিত ৰেল জংচনৰ প্লেটফৰ্মৰ লগতে সামগ্ৰিক ষ্টেচনটো পৰিদৰ্শন কৰে ।
উল্লেখ্য যে আমগুৰি অঞ্চলৰ একমাত্ৰ ৰে'ল জংচনটো বহু দূৰ-দূৰণিৰ যাত্ৰীৰ যাতায়াতৰ একমাত্ৰ ভৰষা । চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ লগতে নামতি, চামগুৰি, বৰাহীবাৰী, হালোৱাটিং, চেলেংহাট, মিছাজানৰ লগতে ৫০০ ৰো অধিক গাঁও তথা অঞ্চলৰ মধ্যমণি আমগুৰি ৰে'ল জংচন অত্যাধুনিক ৰূপত নিৰ্মাণ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে জিলাখনৰ ৰাইজে । 

ইফালে আমগুৰি ৰে'লৱে জংচনত স্কাউট গাইড, অসমীয়া যুৱ মঞ্চ, আমগুৰি আঞ্চলিক ছাত্ৰ সন্থা, নগালেণ্ডৰ টুলী নগা সমাজৰ লগতে স্থানীয় লোকসকলে মহাপ্ৰৱন্ধকগৰাকীক আদৰণি জনায় (NF Railway GM Anshul Gupta at Amguri)।

ইফালে আমগুৰি ৰে'লৱে জংচনটো অত্যাধুনিক পৰ্যায়লৈ অনা হৈছে যদিও এতিয়াও বহু সমস্যাৰে ভাৰাক্ৰান্ত । দীৰ্ঘদিন ধৰি আমগুৰি ৰে'লৱে জংচনটোৰ যাত্ৰীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে (Problems of Amguri Raulway Station)। বিশেষকৈ দূৰণিবটীয়া ৰে'ল আমগুৰি জংচনত ৰখোৱা নহয় । আমগুৰি ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উৰণীয়া সেঁতুৰ দাবী জনাই আহিছে অঞ্চলটোৰ লোকসকলে । ইফালে আমগুৰি নগৰত নলা নিৰ্মাণৰ দাবী আৰু আমগুৰি ৰে'লৱে ষ্টেচনত ফুট অভাৰ ব্ৰীজ নথকাৰ কাৰণেও যাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । 

এই সমস্যা দূৰ কৰিবলৈ আমগুৰি আঞ্চলিক ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ আৰু আমগুৰিৰ নাগৰিকে দাবী জনাই আহিছে । কিন্তু এতিয়ালৈ তেওঁলোকৰ দাবীসমূহ পূৰণ হোৱা নাই । যাৰ বাবে শনিবাৰে পুনৰ এই দাবীসমূহ পূৰণ কৰাৰ বাবে সংগঠনসমূহে পৃথকে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক আনচুল গুপ্তাক স্মাৰক পত্ৰ প্ৰদান কৰে । অনাগত দিনত তেওঁলোকৰ দাবীসমূহ পূৰণ নহ'লে ৰে'ল অৱৰোধৰ কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ প্ৰদান কৰে সংগঠনসমূহে । ইফালে পৰ্যায়ক্ৰমে সংগঠনসমূহৰ সকলো দাবী পূৰণ কৰাৰ আশ্বাস দিয়ে মহাপ্ৰৱন্ধকগৰাকীয়ে ।

লগতে পঢ়ক :NF Railway GM at Lumding : লামডিঙত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ মহা প্ৰৱন্ধক আনচুল গুপ্তাৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details