অসম

assam

ETV Bharat / videos

Guest house inaugurated at Simen Chapori:চিমেন চাপৰিত নকৈ নিৰ্মিত অতিথি গৃহ উদ্বোধন - নকৈ নিৰ্মিত অতিথি গৃহ

🎬 Watch Now: Feature Video

নকৈ নিৰ্মিত অতিথি গৃহ

By

Published : Jul 1, 2023, 5:40 PM IST

জোনাই , ৩০ জুন : মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২০১৮-২০১৯ বিত্তীয় বৰ্ষৰ পুঁজিৰে চিমেন চাপৰিত নিৰ্মাণ কৰা হৈছে অতিথি গৃহ ৷ ভৱনটো শুকুৰবাৰে দিনৰ ১১.৩০ বজাত উদ্বোধন কৰা হয় ৷ মিচিং স্বায়ত্তশাসিত পৰিষদ বিভাগৰ ২ কোটি ৭৫ লাখ টকা আৱন্টিত পুঁজিৰে নিৰ্মাণ কৰি উলিওৱা অতিথিশালাৰ ফিটা কাটি উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুয়ে ।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিশেষ কৰ্তব্যৰত বিষয়া ডাঃ অনিল পেগুয়ে আঁতধৰা অনুষ্ঠানত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মূৰব্বী ড৹ গুঞ্জন গগৈ, মিচিং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম, কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, ভৱানী দুৱৰা, নৰেশ কুম্বাং, প্ৰশান্ত বড়ি, সন্মিলিত গণ শক্তি, অসমৰ চিমেন চাপৰি পঞ্চায়ত সমিতিৰ সভাপতি ৰাজেন বৰুৱা, জোনাইৰ অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন বৰ্ডৰ সভাপতি সপোন শইকীয়া, মূৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ সদস্য পদ্মনাথ চাৰহ, টিএমপিকেৰ জোনাই জিলা সমিতিৰ প্ৰাক্তন সভাপতি কান্দা টায়েং, চমকং আঞ্চলিক সমিতিৰ সম্পাদক জ্ঞান পেগু, জোনাই সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ সদস্য শিৱশংকৰ পাটিৰ উপস্থিত থাকে ।

লগতে পঢ়ক :Heavy Storm in Jonai: প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে জোনাইৰ এখন‌ চৰকাৰী বিদ্যালয়

ABOUT THE AUTHOR

...view details