অসম

assam

ৰাঘৱ ছবিৰ প্ৰচাৰ

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 7:32 PM IST

Updated : Sep 22, 2023, 3:15 PM IST

ETV Bharat / videos

New Assamese film Raghav: ৰাঘৱ ছবিৰ প্ৰচাৰৰ বাবে নলবাৰীত উপস্থিত অভিনেতা-অভিনেত্ৰী

নলবাৰী, ২১ ছেপ্টেম্বৰ: ৰাঘৱ ছবিৰ মুক্তিৰ প্ৰাকক্ষণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠান-প্ৰতিষ্ঠানসমূহত প্ৰচাৰৰ বাবে ব্যাপক ৰূপত নামি পৰিছে ছবিখনৰ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীসকল । বৃহস্পতিবাৰে ছবিখনৰ প্ৰচাৰৰ বাবে টীম ৰাঘৱ উপস্থিত হয় নলবাৰীৰ বৰভাগ কলেজত । নাচি-বাগি নলবাৰীৰ বৰভাগ কলেজত চলালে ছবিখনৰ প্ৰচাৰ ।

অভিনেত্ৰী নিশিতা গোস্বামীয়ে নাচি বাগি ছাত্ৰ-ছাত্ৰীৰ সন্মুখত প্ৰচাৰ চলালে ছবিখনৰ । আনহাতে অভিনেতা যতীন বৰাই সংলাপেৰে চলালে প্ৰচাৰ । ফুল এপাহ ফুলিবলৈ বতাহ, ৰ’দ-বৰষুণ সকলোৰে প্ৰয়োজন । ২৭ অক্টোবৰত মুক্তি পাবলগীয়া অসমীয়া চলচিত্ৰ ৰাঘৱক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ত প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য অভিনেতা যতীন বৰাৰ ।

উল্লেখ্য যে, আজি বৰভাগ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ ব্যাপক উছাহৰ মাজত "ৰাঘৱ" ৰ প্ৰচাৰ চলাই যতীন বৰা, নিশিতা গোস্বামী, কৌতুক অভিনেতা হিৰণ্য ডেকা, মৃদুলা বৰুৱা আৰু নৱাগত অভিনেতা জিবিকেশ মজুমদাৰে । বোলছবিখনৰ ভিন্ন সংলাপ আওঁ‌ৰাই ছাত্ৰ-ছাত্ৰীসকলক মুগ্ধ কৰে দুই জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ।

লগতে পঢ়ক :Assamese film Raghav: ৰাঘৱে ভংগ কৰিব পাৰিব নে ৰঘুপতিৰ অভিলেখ ? এই সন্দৰ্ভত কি ক’লে নিশিতা গোস্বামীয়ে

Last Updated : Sep 22, 2023, 3:15 PM IST

ABOUT THE AUTHOR

...view details