Nehru Full Bright Fellowship to Dr Parikshit Gogoi:নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড৹ পৰীক্ষিত গগৈলৈ নেহৰু ফুল ব্ৰাইট ফেল’শ্বিপ - প্ৰখ্যাত বিজ্ঞানী ড৹ জেমিন কিম
Published : Sep 4, 2023, 9:54 PM IST
নগাঁও, 4 ছেপ্টেম্বৰ :নগাঁৱৰ বাবে এটা ভাল খবৰ, কেৱল নগাঁও নহয় পিছে সমগ্ৰ অসমৰে বাবে এটা ভাল খবৰ । নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড৹ পৰীক্ষিত গগৈয়ে লাভ কৰিলে নেহৰু ফুল ব্ৰাইট ফেল’শ্বিপ । নেহৰু ফুল ব্ৰাইট ফেল’শ্বিপ লাভ কৰা অসমৰ একমাত্ৰ অধ্যাপক ড৹ পৰীক্ষিত গগৈয়ে গৱেষণাৰ বাবে যাব আমেৰিকালৈ ৷
নগাঁও মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ পৰীক্ষিত গগৈয়ে এই ফেল’শ্বিপ লাভ কৰি উৎফুল্লিত হৈ পৰিছে । আগন্তুক ১৫ ছেপ্টেম্বৰত ড৹ পৰীক্ষিত গগৈয়ে গৱেষণাৰ বাবে যাব আমেৰিকালৈ । আমেৰিকাৰ ইলিয়ন বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত বিজ্ঞানী ড৹ জেমিন কিমৰ সহযোগিতাত গৱেষণা আৰম্ভ কৰিব নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড৹ পৰীক্ষিত গগৈয়ে ।
ড৹ পৰীক্ষিত গগৈ এই বর্ষত নেহৰু ফুল ব্ৰাইট ফেল’শ্বিপ লাভ কৰা অসমৰ একমাত্ৰ অধ্যাপক । নগাঁও মহাবিদ্যালয়ৰ ৰাসায়ন বিভাগৰ অধ্যাপক ড৹ পৰীক্ষিত গগৈৰ এই সফলতাই উৎফুল্লিত কৰি তুলিছে নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সমগ্ৰ নগাঁওবাসীক ।
লগতে পঢ়ক :Viral girl of Nagaon: প্ৰতিমা পাণ্ডেৰ হস্তীৰ কন্যা গাই ভাইৰেল হোৱা কোন এই যুৱতী ?