Negligence in construction of express highway : জোনাইত মুখ্যমন্ত্ৰীৰ ভূমি পূজনৰ পূৰ্বেই ৰাইজৰ প্ৰতিবাদ - জোনাইত ভূমি পূজনৰ পূৰ্বেই ৰাইজৰ প্ৰতিবাদ
অসম চৰকাৰে ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিছিল (Express highway on both sides of Brahmaputra river)। কথা মতে ইতিমধ্যে বিভিন্ন স্থানত কাম আৰম্ভ হৈছে । যোৱা ২২ আগষ্টত জোনাই, ধেমাজি, ঢখুৱাখানা আৰু মাজুলীৰ বহু প্ৰত্যাশিত ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰিৰ ওপৰত অসম চৰকাৰৰ দ্বাৰা অনুমোদিত আঁচনিৰ অধীনত সোণাৰি গাঁৱৰ পৰা দিজমুৰ গাঁৱলৈ যোৱা মথাউৰিত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হৈছিল ৷ প্ৰায় ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ আৱণ্টিত পুঁজি হৈছে ৩০ কোটি ৭৬ লাখ ৪৭ হাজাৰ ৩৪১ টকা (Express highway construction in Jonai)৷ কিন্তু উক্ত মথাউৰিৰ ওপৰত পথ নিৰ্মাণৰ বিসংগতিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । চিলাপথাৰৰ মুক্তিয়াৰ গাঁৱৰ অৰ্ধ শতাধিক নৈপৰীয়া ৰাইজে চৰকাৰ তথা ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাইজৰ অভিযোগ অনুসৰি একাংশ চৰকাৰী বিষয়াৰে মিলি ঠিকাদাৰে পথ নিৰ্মাণত গাফিলতি কৰিছে । ঠিকাদাৰে চৰকাৰৰ গাইড লাইন উলংঘন কৰাৰো অভিযোগ কৰিছে ৰাইজে (Public protest in Jonai)। ২০০ মিটাৰৰ বিপৰীতে ৩০ মিটাৰ আঁতৰৰ পৰাই মাটি খান্দি একাংশ ঠিকাদাৰে লাভৰ স্বাৰ্থত নৈপৰীয়া ৰাইজৰ জীৱন-সম্পত্তিৰ প্ৰতি ভাবুকি আনিছে বুলিও অভিযোগ কৰে ৰাইজে । মুখ্যমন্ত্ৰীয়ে ভূমি পূজন কৰাৰ পূৰ্বেই এই কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে ৰাইজে ।
Last Updated : Feb 3, 2023, 8:36 PM IST
TAGGED:
Public protest in Jonai