অসম

assam

পিন্ধনত টুপী, হাতত হুইছেইল লৈ ৰঙিয়াত যান-বাহন নিয়ন্ত্ৰণ কৰিছে একাংশ ছাত্ৰীয়ে

ETV Bharat / videos

Students pose as traffic police: পিন্ধনত টুপী, হাতত হুইছেল লৈ ৰঙিয়াত যান-বাহন নিয়ন্ত্ৰণ কৰিছে একাংশ ছাত্ৰীয়ে

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 4:02 PM IST

ৰঙিয়া, 28 আগষ্ট : ৰঙিয়াৰ ৰাজপথত একাংশ যুৱতীৰ তৎপৰতা । টুপী পিন্ধি হাতত হুইছেল লৈ নিয়ন্ত্ৰণ কৰিছে যান-বাহন । পথ নিৰ্দেশনা দেখুৱাইছে যান-বাহন আৰোহীক । ৰঙিয়াৰ নগৰত দেখা পোৱা এই যুৱতীসকল নহয় কোনো আৰক্ষীৰ লোক, ৰঙিয়াৰ সদাব‍্যস্ত ৰাজপথত এইদৰে যান-বাহন নিয়ন্ত্ৰণত নামিছে একাংশ এন চি চি কেডেট । 

এওঁলোক ৰঙিয়া মহাবিদ্যালয়ৰ NCC কেডেট । ৰঙিয়া মহাবিদ্যালয়ৰ এই কেডেটসকলে ৰঙিয়াত যান-জঁট নিয়ন্ত্ৰণ তথা পথৰ নিৰ্দেশনাত সহায় কৰিছে আৰক্ষীক । শেহতীয়াকৈ ৰঙিয়া মহকুমা প্ৰশাসনে ৰঙিয়াত যান-জঁট হ্ৰাস কৰাৰ বাবে কেইবাটাও নতুন পথ মুকলি কৰিছে । এই নতুন পথেৰে জনসাধাৰণক যোৱাৰ বাবে পথ নিৰ্দেশনাত ব‍্যস্ত হৈ পৰিছে এন চি চি কেডেটসকল । 

ৰঙিয়াৰ মহকুমাধিপতি দীপেন বৰ্মনৰ আমন্ত্ৰণ মৰ্মে পথ নিৰ্দেশনা সহযোগ কৰা এন চি চিকেডেট সকলো জনহিতৰ কাৰ্যত জড়িত হবলৈ পাই আনন্দিত হৈ পৰিছে । লগতে এন চি চি কেডেটসকলে ৰাইজলৈ আহ্বান জনায় যে, পথ নিৰ্দেশনাৰ নীতি নিয়মসমূহ সকলোৱে যাতে মানি চলে । লগতে নগৰখনক যানজঁটৰ পৰা মুক্ত কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:Clash at ISBT Guwahati: বাছ চালকক প্ৰহাৰ উদণ্ড ছাত্ৰৰ; ন্যায় নোপোৱালৈকে নুঘূৰে বাছৰ চকা !

ABOUT THE AUTHOR

...view details