Eid Ul Fitr news: ঈদৰ দিনা মন্দিৰৰ জীৱ জন্তুক খাদ্য বিলালে কলিয়াবৰৰ নজৰুলে
কলিয়াবৰ, 22 এপ্ৰিল :ঈদে আনে প্ৰেম আৰু শান্তিৰ বতৰা ৷ পৱিত্ৰ ঈদৰ পৱিত্ৰ ক্ষণত সু-কৰ্মৰে নিজকে আল্লাৰ ওচৰত বিলীন কৰি শান্তি বিচাৰি পোৱা নজৰুলৰ কাহিনী আপোনালোকলৈ আগবঢ়াইছো (Eid Ul Fitr news) ৷
কলিয়াবৰৰ এজন যুৱক, নাম নজৰুল ইছলাম ৷ পৱিত্ৰ ঈদৰ দিনা নজৰুলে বিলালে প্ৰেম আৰু শান্তিৰ বাণী ৷ মন্দিৰ-দেৱালয়, পথৰ দাঁতিত আশ্ৰয় লোৱা বিভিন্ন জীৱ-জন্তুক খাদ্য যোগান ধৰিলে নজৰুল ইছলামে ৷ বিগত আঠ বছৰে তেওঁ এই কামত জড়িত হৈ আছে ৷ প্ৰতিটো ঈদতে পৰিয়ালৰ সৈতে ওলাই আহি কলিয়াবৰৰ হাতীমূৰাৰ দুৰ্গা মন্দিৰ, শিলঘাটৰ কামাখ্যা দেৱালয়ত থকা বান্দৰ, পাৰ, ছাগলী, কুকুৰক খুৱালে কল, বুট আৰু পাউৰুটি (Kaliabor resident Najrul Islam) ৷
জখলাবন্ধাৰ এখন যান-বাহন মেৰামতি কৰা প্ৰতিষ্ঠানৰ গৰাকী নজৰুল ইছলামে বিগত প্ৰায় 8 বছৰে এইদৰে জীৱকূলক যোগান ধৰি আহিছে খাদ্য-সামগ্ৰী । ঈদৰ নামাজ পঢ়ি নিজ সন্তানক লগত লৈ পৱিত্ৰ ঈদ-উল-ফিটৰ দিনটোত প্ৰাণীকূলৰ প্ৰতি মানৱতা দাঙি ধৰা নজৰুল ইছলামৰ দৰে ব্যক্তিৰ প্ৰয়োজনীয়তা আছে আমাৰ সমাজত (Najrul Islam from Kalibor) ৷