Tributes to Sardar Patel:চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকীত কলিয়াবৰত একতাৰ দৌৰ
Published : Oct 31, 2023, 3:25 PM IST
কলিয়াবৰ, ৩১ অক্টোবৰ:দেশবাসীক একত্ৰিত কৰাৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলৰ অৱদানক সন্মান জনাই সমগ্ৰ দেশৰ লগতে কলিয়াবৰতো মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় । এই উপলক্ষে জখলাবন্ধাৰ হাস্পতাল চাৰিআলিৰ পৰা বাঘজানলৈকে একতা দৌৰত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে কলিয়াবৰৰ ৰাইজে যোগদান কৰে । 'একতাৰ দৌৰ'ৰ ফ্লেগ অফ্ কৰে কলিয়াবৰ মহকুমাৰ নিৰ্বাচনী বিষয়া ড০ ভূপালী কাশ্যপে ।
ৰাষ্ট্ৰীয় ঐক্য দিৱস ভাৰতত প্ৰতি বছৰে ৩১ অক্টোবৰত পালন কৰা হয় । ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব হিচাপে পৰিগণিত হোৱা চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৯ সংখ্যক জন্ম দিৱসত সমগ্ৰ দেশে সুঁৱৰে লৌহ মানৱগৰাকীক । ১৯৪৭ চনত দেশখনে ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত প্ৰান্তীয় ৰাজ্য়সমূহক ঐক্যবদ্ধ আৰু স্বাধীন ভাৰতত একত্ৰিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
লগতে পঢ়ক:Tributes to Sardar Patel : চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী, হোজাইত একতাৰ দৌৰ