অসম

assam

ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

By

Published : Apr 9, 2023, 11:04 AM IST

ETV Bharat / videos

National Seminar in Guwahati: ডাউন টাউন বিশ্ব বিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

গুৱাহাটী, 9 এপ্ৰিল:গুৱাহাটীৰ পানীখাইটিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয় প্ৰাংগনত শনিবাৰে এদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনা চক্ৰ ৷ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ বিজ্ঞান, মানবীয়তা আৰু সামাজিক বিজ্ঞান বিভাগৰ উদ্যোগত অযোজন কৰা আলোচনা চক্ৰৰ বিষয় আছিল- "Indian Traditional Knowledge Systems and Practices With Specific Reference To North Eastern Region"  (National Seminar at Down Town University) ৷  

আলোচনা চক্ৰত প্ৰাচীন জ্ঞান ব্যৱস্থাৰ একত্ৰীকৰণৰ জৰিয়তে উচ্চ শিক্ষা আদি বিষয় সামৰি লৈ উপস্থিত সমল বক্তাই বক্তব্য প্ৰদান কৰে ৷ এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰত উত্তৰ-পূব ভাৰতৰ অন্যান্য প্ৰতিষ্ঠানৰ কেইবাগৰাকীও শিক্ষাবিদ, গৱেষক, গৱেষক ছাত্ৰ-ছাত্ৰী তথা অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু উত্তৰ-পূব ভাৰতৰ অন্যান্য শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে (National Seminar in Guwahati) ৷  

অনুষ্ঠানত মুখ্য অতিথি হিচাবে কটন বিশ্ববিদ্যালয়ৰ উপচাৰ্য ড৹ আৰ. চি ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড৹ অৱনী কুমাৰ ভাগৱতী, কটন বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ প্ৰাক্তন সহকাৰী অধ্যাপিকা ড৹ জোনালী দেৱী, অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ আচাৰ্য এন. এন. দত্ত আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এন. চি তালুকদাৰ উপস্থিত থাকে (Assam Down Town University) ৷ 

ABOUT THE AUTHOR

...view details