National Press Day: বৰপেটা প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন - জ্যেষ্ঠ সাংবাদিক মৃণাল মল্ল পাটোৱাৰী
Published : Nov 16, 2023, 2:23 PM IST
বৰপেটা, ১৬ নৱেম্বৰ: সমগ্ৰ দেশজুৰি আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হৈছে । বৰপেটা প্ৰেছ ক্লাব আৰু জাৰ্ণেলিষ্ট ইউনিয়ন অৱ অসমৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠিত কৰা হয় ৷ প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে পুৱাই প্ৰেছ ক্লাবৰ চৌহদত চাফাই অভিযান চলাই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ পিচত পুৱা ৯.৩০ বজাত বৰপেটা প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে প্ৰেছ ক্লাবৰ সভাপতি মহানন্দ পাঠকে ৷ ইফালে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ অসমৰ পতাকা উত্তোলন কৰে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ অসমৰ বৰপেটা জিলা সমিতিৰ সভাপতি ধনজিৎ দাসে ৷
ইয়াৰ পিচতে বৰপেটা প্ৰেছ ক্লাবৰ সভাকক্ষত "কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম" শীৰ্ষক এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ বক্তৃতা অনুষ্ঠানটো উদ্বোধন কৰে বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷ বক্তৃতা অনুষ্ঠানটো নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে জিলা শিক্ষা আৰু শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান বৰপেটাৰ জ্যেষ্ঠ প্ৰৱক্তা ৰণজিৎ কুমাৰ কলিতাই ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ অসমৰ সভাপতি চেমিম চুলতানা আহমেদ ৷
সভাখনত আদৰণি ভাষণ প্ৰদান কৰে বৰপেটাৰ নিৰ্বাচনী বিষয়া তথা ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া ময়ুৰাক্ষী দত্তই ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে জ্যেষ্ঠ সাংবাদিক মৃণাল মল্ল পাটোৱাৰীক বৰপেটা প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ উপৰিও সন্ধিয়া বন্তি প্ৰজ্বলন আৰু আতচবাজী প্ৰদৰ্শন কৰা হ'ব বৰপেটা প্ৰেছ ক্লাবৰ চৌহদত ।
লগতে পঢ়ক:KMSS files FIR against MP Ajmal: আজমলৰ বিৰুদ্ধে দিছপুৰ থানাত কৃষক মুক্তিৰ এজাহাৰ দাখিল