অসম

assam

উদযাপন ৰাষ্ট্ৰীয় পোষণ মাহ

ETV Bharat / videos

National Nutrition Month : নলবাৰীৰ মুকালমুৱাত উদযাপন ৰাষ্ট্ৰীয় পোষণ মাহ - মুকালমুৱাত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 2:38 PM IST

Updated : Sep 23, 2023, 4:34 PM IST

নলবাৰী, 23 ছেপ্টেম্বৰ : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱাত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ । বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত উদযাপন কৰা হয় এই ৰাষ্ট্ৰীয় পোষণ মাহ । পোষণ মাহৰ লগত সংগতি ৰাখি বিভিন্ন থলুৱা শাক-পাচলি, ফলমূল তথা পুষ্টিকৰ খাদ্য সমৃদ্ধ এখন প্ৰদৰ্শনী মেলা আৰু পুতলাৰ মেলাৰ আয়োজন কৰে আয়োজকসকলে ।

আনকি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সামূহিক পঞ্চামৃত আৰু সামূহিক অন্নপ্ৰসন্ন কাৰ্যসূচীৰো আয়োজন কৰা হয় । সমাজক পুষ্টিহীনতাৰ পৰা মুক্ত কৰা, শিশু-প্ৰসূতিসকলৰ খাদ্যভ্যাস, পৰিস্কাৰ-পৰিচন্নতা আদি বিভিন্ন উদ্দেশ্য আগত ৰাখি পোষণ মাহৰ এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

এই কাৰ্যসূচীত উপস্থিত থাকে বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া শিৱানী বৰা, বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কৌস্তভ ৰয়, মুকালমুৱা মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ চন্দ্ৰ দাস, অংগনবাড়ী কেন্দ্ৰসমূহৰ ছুপাৰভাইজৰ, কৰ্মী আৰু সহায়িকাসকল ।

লগতে পঢ়ক :National Nutrition Month:নলবাৰীত ৰাষ্ট্ৰীয় পোষণ মাহ পালন

Last Updated : Sep 23, 2023, 4:34 PM IST

ABOUT THE AUTHOR

...view details