অসম

assam

নগাঁৱত লোক আদালতৰ জৰিয়তে জমা প্ৰায় আঢ়ৈ কোটি টকা

By

Published : May 13, 2023, 8:36 PM IST

ETV Bharat / videos

Nagaon Lok Adalat: নগাঁৱত লোক আদালতৰ জৰিয়তে জমা প্ৰায় আঢ়ৈ কোটি টকা

নগাঁও, 13 মে’ : শনিবাৰে নগাঁও ন্যায়িক আদালত ভৱনত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় লোক আদালত। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত শনিবাৰে নগাঁও ন্যায়িক আদালত ভৱনত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় লোক আদালত (National Lok Adalat in Nagaon)। এই লোক আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা, বিভিন্ন বেংকৰ ঋণ আদি বিভিন্ন গোচৰ ব্যয়হীনভাৱে, খৰতকীয়াকৈ নিস্পত্তি কৰা হয় । 

তদুপৰি বেংকৰ লেন-দেন, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহ নিস্পত্তি কৰা হয়। এই লোক আদালতত ৩৬৭ টা বেংকৰ গোচৰ নিষ্পত্তি হোৱাৰ বিপৰীতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ১৪৩ টা গোচৰ নিষ্পত্তি হয়। এই লোক আদালতৰ জৰিয়তে প্ৰায় ১ কোটি ৬০ লাখ টকা জমা হৈছে বুলি জানিব পৰা গৈছে ।  

ইয়াৰ লগতে দুৰ্ঘটনাকে আদি কৰি বিভিন্ন গোচৰত প্ৰায় ৮৫ লাখ টকা জমা হৈছে বুলি জানিবলৈ দিয়ে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা মণিকা মিশ্ৰঙে ৷ এতিয়ালৈ লোক আদালতত শনিবাৰে সৰ্বমুঠ প্ৰায় ২ কোটি ৪৫ লাখ টকা জমা হয় বুলি সম্পাদিকাগৰাকীয়ে জানিবলৈ দিয়ে।  

উল্লেখ্য যে, লোক আদালতৰ জৰিয়তে বহু দিনীয়া গোচৰ তাৎক্ষণিকভাৱে নিষ্পত্তি কৰিব পাৰি, সেয়ে ৰাইজক লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা মণিকা মিশ্ৰঙে।

লগতে পঢ়ক:Fat Bihu Celebration: চাৰিকড়ীয়া নদীৰ পাৰত ফাট বিহু উদযাপন

ABOUT THE AUTHOR

...view details