Kaziranga University: ভাৰতত যুৱ শক্তিৰ সম্ভাৱনাক ৰাষ্ট্ৰ নিৰ্মাণত প্ৰয়োগ কৰিবলৈ আহ্বান মন্ত্ৰী গালোৰ্ছা - ৰাষ্ট্ৰীয় একতা শিবি
যোৰহাট, 15 জুন:যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় একতা শিবিৰ ৷ ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয় আৰু এন এন এছৰ আঞ্চলিক সঞ্চালকালয়ৰ উদ্যোগত কাজিৰঙা বিশ্ববিদ্যালয়ৰ সহযোগত এই শিবিৰ অনুষ্ঠিত হয় ৷ শিবিৰত দেশৰ দহখন ৰাজ্যৰ এন এন এছ স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰে ৷
সপ্তাহজোৰা শিবিৰত অংশগ্ৰহণকাৰী সকলৰ মাজত পৰম্পৰাগত লোক কৃষ্টি, লোক নৃত্য, গীত আদিৰ সাংস্কৃতিক বিনিময়, শৈক্ষিক আলোচনা, শাৰীৰিক অনুশীলন, যোগ, আত্মৰক্ষাৰ কৌশল, যুৱ শক্তিৰ বিকাশ আদি বিষয়ত আলোচনা আৰু প্ৰশিক্ষণ আদি অনুষ্ঠিত হয় ৷ সামৰণি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোছা ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী গালোৰ্ছাই ভাৰতত যুৱ শক্তিৰ সম্ভাৱনা আৰু ইয়াক ৰাষ্ট্ৰ নিৰ্মাণত প্ৰয়োগ কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক:ETV Interview: ছুপাৰ ষ্টাৰ ৰবি শৰ্মাৰ সৈতে শ্ৰী ৰঘুপতিৰ আঁৰৰ কাহিনী