National Education Day : আজমল ফাউণ্ডেচনৰ উদ্যোগত হোজাইত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন - ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন
Published : Nov 11, 2023, 7:05 PM IST
হোজাই, 11 নৱেম্বৰ :হোজাইত আজমল ফাউণ্ডেচনৰ উদ্যোগত নাজিৰ আজমল মেম’ৰিয়েল কলেজত শনিবাৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় শিক্ষা দিৱস ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী তথা যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজ উদ্দিন আজমল, আমিনুল ইছলামকে ধৰি কেইবাজনো বক্তা আৰু বহু গণ্যমান্য ব্যক্তিৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল ৷
উক্ত অনুষ্ঠানত আমন্ত্ৰিত বক্তাসকলে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি শিক্ষাৰ ওপৰত বহুমূলীয়া ভাষণো প্ৰদান কৰে ৷ এই অনুষ্ঠানতেই অসমৰ লগতে বিশেষকৈ হোজাই, কাৰ্বি আংলং আৰু নগাঁৱৰ 6 গৰাকী ভেঞ্চাৰ শিক্ষকক, যিয়ে বিদ্যালয়ত জীৱনৰ 30-35 বছৰ কেৱল বিনা পইচাই শিক্ষাদান দি অৱসৰ গ্ৰহণ কৰিছে, তেওঁলোকক সম্বৰ্দ্ধনা জনোৱা হয় ৷
লগতে তেওঁলোকক ৫০ হাজাৰ টকাকৈ এককালিন চেকো প্ৰদান কৰা হয় ৷ আনহাতে, যাদুশিল্পী সুস্মিতা তালুকদাৰক 3 লাখ টকাৰ চেক প্ৰদান কৰে চিৰাজ উদ্দিন আজমলে ৷ লগতে আজমল চুপাৰ 40 ত অধ্যায়নৰত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ সঞ্জীব বিশ্বাসক 5 লাখ টকাৰ চেকো প্ৰদান কৰা হয় ৷
লগতে পঢ়ক :Nirmal Ashray Home : পীড়িত বহু মহিলাৰ শেষ ঠিকনা নিৰ্মল আশ্ৰয় গৃহ