অসম

assam

খানাপাৰাত অসামৰিক সেৱা দিৱস

ETV Bharat / videos

National Civil Services Day: অসামৰিক সেৱা দিৱস উপলক্ষে খানাপাৰাত বিশেষ অনুষ্ঠান - অসামৰিক সেৱা দিৱস

By

Published : Apr 22, 2023, 8:09 AM IST

গুৱাহাটী, 22 এপ্ৰিল: শুকুৰবাৰে অনুষ্ঠিত হৈ যায় ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস ৷ ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস উপলক্ষে মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শুকুৰবাৰে আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ (National Civil Services Day) ৷  

অনুষ্ঠানত মুখ্য অতিথি হিচাবে অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, IPS সত্যেন্দ্ৰ নাৰায়ন সিং, IFS মহেন্দ্ৰ কুমাৰ যাদৱ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যিক সচিবসকলৰ লগতে ভিন্ন জিলাৰ আয়ুক্ত, উপায়ুক্ত, খণ্ড বিষয়াৰ লগতে আন আন অসামৰিক বিষয়াসকলে ৷ কেইবাখনো জিলাৰ আয়ুক্ত তথা উপায়ুক্তই ভিদিঅ' কনফাৰেন্স যোগে জড়িত হয় এই অনুষ্ঠানত (National Civil Services Day 2023) ৷

উল্লেখযোগ্য যে, প্ৰতি বছৰে 21 এপ্ৰিলৰ দিনটো ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস হিচাবে পালন কৰা হয় ৷ এই দিনটোতে 1947 চনত ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে অসামৰিক সেৱাৰ পৰীক্ষাৰ্থীসকলক সম্বোধন কৰিছিল (National Civil Services Day celebrates in Guwahati) ৷

লগতে পঢ়ক:Earth Day 2023: কিয় পালন কৰা হয় পৃথিৱী দিৱস ? ইয়াৰ গুৰুত্ব তথা এই বছৰৰ বিষয়বস্তু সম্পৰ্কে জানি লওক

ABOUT THE AUTHOR

...view details