অসম

assam

গোৱালপাৰাত নিচাজাতীয় টেবলেটসহ দুজনক আটক

By

Published : Feb 19, 2023, 11:19 AM IST

ETV Bharat / videos

Narcotics seized in Goalpara: গোৱালপাৰাত বুজন সংখ্যক নিচাজাতীয় টেবলেটসহ দুজনক আটক

গোৱালপাৰা,১৯ ফ্ৰেব্ৰুৱাৰী:সমগ্ৰৰাজ্যতে বৰ্তমানেও অব্যাহত ড্ৰাগছ বিৰোধী অভিযান (Anti drugs operation in Assam) । বিভিন্ন প্ৰান্ত আৰক্ষীয়ে অভিযান চলাই বিভিন্ন সময়ত জব্দ কৰিছে কোটি কোটি টকাৰ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য । ইজনৰ পাচত সিজনকৈ প্ৰায় প্ৰতিদিনেই আটক কৰিছে অজস্ৰ ড্ৰাগছ সৰবৰাহকাৰীক (Drugs peddlers arrested in Assam) । ইমানৰ পিচতো ড্ৰাগছ সৰবৰাহ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী । 

আৰক্ষীৰ চকুত ধূলি দি প্ৰতিদিনিয়েই সৰবৰাহকাৰীয়ে ন ন কৌশল অৱলম্বন কৰি চলাই গৈছে ড্ৰাগছৰ অবাধ বেহা । গোৱালপাৰাৰ বিভিন্ন প্ৰান্ততো বৰ্তমানেও শিপাই আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বজাৰখনে । আৰক্ষীয়ে প্ৰতিদিনেই অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান (Anti drugs operation in Goalpara) । পুনৰ গোৱালপাৰা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সাফল্য । শনিবাৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় গোৱালপাৰা আৰক্ষী (Narcotics worth around 8 lakhs seized) । 

শিৱৰাত্ৰিৰ আনন্দ উল্লাসৰ মাজতে গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৯ হেজাৰ নিচাযুক্ত টেবলেট (Drugs seized in Goalpara) । লগতে আটক কৰে দুটাকৈ সৰবৰাহকাৰীক । আৰক্ষী সুত্ৰে জানিব পৰা মতে, গোৱালপাৰা নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপশ্ৰী ৰয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চলায় এক অভিযান । এই অভিযানত চহৰৰ পদ্দাৰ ফ্লোৰ মিলৰ কাষত এখন নেনো গাড়ীৰ পৰা দুটাকৈ সৰবৰাহকাৰীৰ পৰা ৯ হেজাৰ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় (Narcotics seized in Goalpara) । 

নিচাযুক্ত টেবলেটসহ আটক কৰা সৰবৰাহকাৰী দুটা ক্ৰমে ফিৰোজ খান আৰু জহিৰুল ইচলাম বুলি জানিব পৰা গৈছে (Two arrested with drugs in Goalpara)  । জব্দকৃত নিচা জাতীয় টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় পাঁচ লক্ষাধিক টকা বুলি উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে । ইফালে অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে । লগতে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে গোৱালপাৰা আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলিও উল্লেখ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপশ্ৰী ৰয়ে । 

লগতে পঢ়ক:Mahashivratri 2023 in Kaliabor: শ্ৰী শ্ৰী চিত্ৰশংকৰ দেৱালয়ত মহাশিৱৰাত্ৰি পালন

ABOUT THE AUTHOR

...view details