অসম

assam

দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা

ETV Bharat / videos

Cricket tournament at Amguri : নামতি চাৰিআলিত আৰম্ভ মেগা প্ৰাইজমানি দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা - ক্ৰিকেট প্ৰতিযোগিতা

By

Published : Feb 19, 2023, 4:03 PM IST

আমগুৰি, ১৯ ফেব্ৰুৱাৰী: শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতিত শনিবাৰৰ পৰা আৰম্ভ হৈছে নামতি চাৰিআলি মেগা প্রাইজমানি দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা (Namti Chariali Mega prize money cricket tournament) । নামতি চাৰিআলি যুৱ সমাজৰ(Namti Chaliali Youth Society) উদ্যোগত, মে’ট্ৰ ক্লাৱৰ সৌজন্যত আৰু বৃহত্তৰ নামতিবাসী ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে এই প্ৰতিযোগিতাখন  ৷ প্ৰত্যেক বছৰে অনুষ্ঠিত হৈ অহা এই ক্ৰিকেট প্ৰতিযোগিতাখনে এইবাৰ অতিক্ৰম কৰিছে ১৫ বছৰ ৷

নামতি চাৰিআলি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা এই ক্ৰিকেট প্ৰতিযোগিতাখনত সৰ্বমুঠ পাঁচ লাখ টকা প্ৰাইজমানি পুৰস্কাৰ হিচাপে ৰখা হৈছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩২ টা দলে অংশগ্ৰহণ কৰিছে নামতি চাৰিআলি মেগা প্রাইজমানি দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাখনত ৷ মন কৰিবলগীয়া এইবাৰ প্ৰথমবাৰৰ বাবে মহিলা আম্পায়াৰে পৰিচালনা কৰিব প্ৰতিযোগিতাখন (Cricket tournament at Amguri) ৷

লগতে পঢ়ক:Assam Girl Won Gold Medal in Khelo India: সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ধেমাজিৰ পঞ্চমীয়ে

উল্লেখ্য যে, উদ্যোক্তাসকলে আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিছে ক্ৰিকেট প্ৰতিযোগিতাখনি (Day night cricket tournament in Sivasagar) ৷ শনিবাৰে সন্ধিয়া প্ৰতিযোগিতাখনিৰ শুভাৰম্ভনি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিচতে প্ৰতিযোগিতাৰ প্ৰথমখন খেল অনুষ্ঠিত হয় ৷ নাচিম একাদশ আৰু চাহিদুল্লা একাদশ দলৰ মাজত (Prize money cricket tournament held in Amguri) অনুষ্ঠিত হয় প্ৰতিযোগিতাৰ প্ৰথমখন খেল ৷  

দ্বিতীয় আইপিএল সদৃশ ক্ৰিকেট খেলখন উপভোগ কৰিবলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়াপ্ৰেমী লোকৰ সমাগম ঘটে নামতি চাৰিআলি হাইস্কুল খেলপথাৰলৈ ৷ অসমৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে, জাতি-জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হোৱা নামতি চাৰিআলি ক্ৰিকেট প্ৰতিযোগিতাখনত সহস্ৰাধিক লোকৰ সমাগমে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় (Namti Chariali High School Playground) । এই ক্ৰিকেট প্ৰতিযোগিতাখনে জিলাখনৰ খেলুৱৈসকলক উৎসাহিত কৰিব বুলি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোৱে আশা ব্যক্ত কৰে ৷

লগতে পঢ়ক:National Kickboxing Championship ত ৮ টা সোণৰ পদকসহ মুঠ ৩৯ টা পদক লাভ অসম দলৰ

ABOUT THE AUTHOR

...view details