অসম

assam

উষ্ম আদৰণি ভৱজিৎ বেজবৰুৱাক

নলবাৰীত উষ্ম আদৰণি আছুৰ নৱনিযুক্ত উপ-সভাপতি ভৱজিৎ বেজবৰুৱাক

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 6:42 PM IST

Published : Nov 29, 2023, 6:42 PM IST

নলবাৰী, ২৯ নৱেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনত উপ-সভাপতিৰ দায়িত্ব লাভ কৰা ভৱজিৎ বেজবৰুৱাক বাইক ৰেলীৰে আদৰি আনিলে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই । ইফালে নলবাৰী শ্বহীদ ভৱন বাকৰিত সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত উপ-সভাপতি ভৱজিৎ বেজবৰুৱা উপস্থিত হোৱাৰ পিছতেই উষ্ম আদৰণি জনাই ছাত্ৰ সন্থাৰ শ-শ কৰ্মীয়ে ।

উল্লেখ্য যে, মৰিগাঁৱত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ অধিৱেশনত উপ-সভাপতিৰ দায়িত্ব অৰ্পন কৰা হয় নলবাৰীৰ আছু নেতা তথা প্ৰাক্তন শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাক । উল্লেখযোগ্য যে, নলবাৰী জিলা ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি ভৱজিৎ বেজবৰুৱাই ইয়াৰ আগৰ কাৰ্যকালত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । আজি ছাত্ৰনেতা গৰাকীক ওচৰত পাই উৎফুল্লিত হৈ পৰে নলবাৰীবাসী ৰাইজ ।

লগতে পঢ়ক :আছু ত্যাগ কৰিব নেকি ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই !

ABOUT THE AUTHOR

...view details