অসম

assam

নলবাৰীত চাঞ্চল্যকৰ পত্নী হত্যাকাণ্ড

ETV Bharat / videos

Nalbari murder case: পত্নী হত্যাত অভিযুক্ত মঞ্জুৰ আলমক লগত লৈ নলবাৰী আৰক্ষীৰ তদন্ত আৰম্ভ - বিজেপি নেত্ৰী চামচিয়াৰা বেগম

By

Published : May 19, 2023, 1:57 PM IST

নলবাৰী, ১৯ মে’ :নলবাৰীত চাঞ্চল্যকৰ পত্নী হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া অব্যাহত । নিজ স্বামীয়ে বিজেপী নেত্ৰী চামচিয়াৰা বেগমক হত্যা কৰাৰ পিছতে সমগ্ৰ নলবাৰীত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছিল (Nalbari murder case)। নলবাৰীৰ ইছলাম চুপাত বিজেপি নেত্ৰী চামচিয়াৰা বেগমক স্বামী মঞ্জুৰ আলমে হত্যা কৰাৰ পিছতে বৃহস্পতিবাৰে নলবাৰী আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হয় মঞ্জুৰৰ বাসগৃহৰ পৰা (BJP leader Samsiara Begum) ।

বৃহস্পতিবাৰে মঞ্জুৰ আলমৰ বাসগৃহত নলবাৰী আৰক্ষীৰ এটা দল উপস্থিত হয় । কেইবাঘন্টা ধৰি মঞ্জুৰ আলমক লগত লৈ বাসগৃহত তদন্ত চলায় নলবাৰী আৰক্ষীয়ে । উল্লেখ্য যে পত্নীক হত্যাৰ অভিযোগত অভিযুক্ত মঞ্জুৰ আলমক নলবাৰী ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত নলবাৰী আৰক্ষীয়ে অধিক তদন্তৰ খাতিৰত পুনৰ দুদিনৰ জিম্মাত লৈছিল ।

লগতে পঢ়ক :Protest in Guwahati:জোনমণি ৰাভাৰ মৃত্য়ুৰ চি বি আই তদন্তৰ দাবী ভোটাৰ্চ পাৰ্টিৰ

ABOUT THE AUTHOR

...view details