অসম

assam

বিজয় উৎসৱ বিজেপি কৰ্মীৰ

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 9:29 PM IST

ETV Bharat / videos

ফটকা-আতচবাজীৰে বিজয় উৎসৱ বিজেপি কৰ্মীৰ

নলবাৰী, ৩ ডিচেম্বৰ :আজি ঘোষিত হোৱা চাৰিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে তিনিখন ৰাজ্যতে বিজয় সাব্যস্ত কৰাত আনন্দ উল্লাসত ডুব গৈছে নলবাৰী জিলা বিজেপি কৰ্মীসকল । আজি ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী ফলাফলক লৈ ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলাৰ কাৰ্যালয়ত বিজয় উৎসৱ পালন কৰিছে কৰ্মীসকলে ।

ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত বিজেপিৰ জয়ত সমগ্ৰ দেশতে আজি আনন্দ উল্লাসেৰে বিজয় উৎসৱ পতা পৰিলক্ষিত হৈছে । নলবাৰীতো জিলা বিজেপি কৰ্মীয়ে ফটকা, আতচবাজী, ফুলজাৰি আদি জ্বলাই জয় ধ্বনি দি মুখৰিত কৰি তোলে নলবাৰীৰ ৰাজপথ । আজিৰ এই ফলাফলে আগন্তুক লোকসভা নিৰ্বাচনত পুনৰ ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰি তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী ৰূপত ৰাইজে নৰেন্দ্ৰ মোদীক বিচাৰে বুলি মন্তব্য কৰিছে বিজেপি কৰ্মীসকলে ৷

লগতে পঢ়ক :বৰপেটাত নিৰ্বাচনী ফলাফলক লৈ বিজেপিৰ বিজয় উল্লাস

ABOUT THE AUTHOR

...view details