Naked man body recovered: শিলচৰ জিলা বিজেপিৰ কাৰ্যালয়ত উলংগ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
কাছাৰ, 17 আগষ্ট :ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে ইটোৰ পিচত সিটোকৈ মৃতদেহ ৷ বৃহস্পতিবাৰে শিলচৰ জিলা বিজেপিৰ কাৰ্যালয়ত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এজন উলংগ ব্যক্তিৰ মৃতদেহ । কাৰ্যালয়ৰ ভিতৰত এজন ৰিক্সা চালকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই পৰ্যন্ত ৰিস্কা চালকজনৰ পৰিচয় উদ্ধাৰ কৰা হোৱা নাই।
ঘটনাৰ সবিশেষ অনুসৰি, বৃহস্পতিবৰে কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়ত স্থানীয় ৰাইজে এটা মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিচতে মালুগ্ৰাম আৰক্ষী থানাত খবৰ দিয়ে। খবৰ লাভ কৰিয়েই মালুগ্ৰাম আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
মৃত ব্যক্তিজনে ৰিক্সা চলাইছিল বুলি জানিব পৰা গৈছে । নিশা বিজেপিৰ কাৰ্যালয়টোতে শুইছিলহি লোকজনে ৷ লোকজনৰ মৃতদেহটো উলংগ অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে । ইফালে এই সমগ্ৰ ঘটনা জিলা সভাপতিযগৰাকীয়ে গাপ দিয়াৰ চেষ্টা কৰিছে বুলি ৰাইজে জানিবলৈ দিয়ে ৷
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ তদন্তৰ পিচতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ৷
লগতে পঢ়ক:Dead body recovered: 24 ঘন্টাৰ ভিতৰত গুৱাহাটীত উদ্ধাৰ চতুৰ্থটো মৃতদেহ