ৰক্ষা কৰিব লাগে শইচেৰে নদন-বদন পথাৰ, গজৰাজৰ বাবে ফলাহাৰ যোগান গঞাৰ - হাতীৰ বাবে খাদ্য সামগ্ৰী যোগান
Published : Nov 27, 2023, 12:55 PM IST
বঢ়মপুৰ, 27 নৱেম্বৰ : নগাঁৱৰ কন্দলী আৰু কঠিয়াতলীত নিতৌ বন্যহস্তীৰ উপদ্ৰৱ ৷ নিশাতো দূৰৰে কথা, দিন দুপৰতে সোণোৱালী ধাননি পথাৰত ত্ৰাস সৃষ্টি কৰিছে বন্যহস্তীয়ে ৷ বন্যহস্তীৰ ত্ৰাসত প্ৰতি মুহূৰ্ততে ভয় আৰু শংকাৰ মাজেৰে সময় পাৰ কৰিছে গঞাই ৷ নগাঁৱৰ বিভিন্ন অঞ্চলত হাতীৰ জাকে শ শ বিঘা শালি ধানৰ খেতি খাই অনিষ্ট কৰিছে ৷ ফলত বিমোৰত পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷
ইফালে প্ৰতিদিনাই বন বিভাগৰ সহযোগত গঞা ৰাইজে ফটকা ফুটাই কন্দলী পাহাৰৰ পৰা খাদ্য সন্ধানত নামি অহা হাতীৰ জাকটো খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ আনকি উপায়হীন ৰাইজে নিশা হাতী খেদিবলৈ গছৰ ওপৰত টঙী ঘৰ সজাৰ লগতে উৰে নিশা জুই জ্বলাই নিজৰ খেতিডৰা ৰক্ষা কৰাৰো চেষ্টা কৰিছে ৷
আনহাতে, কন্দলী কুঁহিয়াৰতলিৰ একাংশ কৃষকে বন্যহস্তীক সন্তুষ্ট কৰিবলৈ কল বা অন্যান্য ফলাহাৰৰ লগতে হাতীৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰি নিজৰ খেতিডৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে ৷ উল্লেখ্য যে, বন বিভাগে ৰাইজৰ সহযোগত আতচবাজী ফুটাই হাতী খেদিবলৈ চেষ্টা চলাইছে যদিও হাতী খেদাত ব্যৰ্থ হৈছে বন বিভাগ ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে গঞা ৰাইজে ৷
জানিব পৰা মতে, বৰ্তমান নৈপাম আৰু বেঙেনাআটিত বন্যহস্তী জাকটোৱে অৱস্থান কৰি আছে ৷
লগতে পঢ়ক :মহানগৰীৰ কামাকাজী বাৰ এণ্ড ৰেষ্টুৰেণ্টত ভয়ংকৰ অগ্নিকাণ্ড