বন্দুক এৰি হাতত ধনু-কাঁড় তুলি ল’লে নগাঁও আৰক্ষীয়ে - ভাওনা
Published : Dec 3, 2023, 4:19 PM IST
নগাঁও, 3 ডিচেম্বৰ :আইন শৃংখলা নিয়ন্ত্ৰণত সদা ব্যস্ত আৰক্ষীসকলৰো আছে এক সাংস্কৃতিক মন ৷ তাকেই প্ৰমাণ কৰিলে নগাঁও আৰক্ষীয়ে ৷ প্ৰতিটো উৎসৱৰ সময়ত কেৱল নিজৰ কৰ্তব্যৰ খাতিৰতে পৰিয়ালৰ পৰা আঁতৰত থাকি তেওঁলোকে দিন অতিবাহিত কৰে ৷ এতিয়া ৰাসৰ বতৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো অনুষ্ঠিত কৰা হৈছে ৰাস ৷ তাৰ মাজতে ৰৈ নাথাকিল নগাঁও আৰক্ষী ৷ তেওঁলোকেও বিভিন্ন ধৰণৰ আগ্নেয়াস্ত্ৰৰ বিপৰীতে হাতত তুলি ল’লে ধনু, কাঁড়, গদা, তৰোৱাল আদি ।
নগাঁও আৰক্ষী নিবেশত অভিনীত হ’ল ‘ৰক্তবীজ বধ’ ভাওনা । কোনোবাজনে যদি ইন্দ্ৰৰ ভাওত অভিনয় কৰিছে, আন কোনোবাজনে আকৌ ৰক্তবীজৰ ভাওত অভিনয় কৰিছে । এনেদৰেই অসমীয়া ভাওনাৰ পৰম্পৰাক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিল নগাঁৱৰ আৰক্ষীসকল । ৰজা, সৈন্য, সেনাপতি, মন্ত্ৰী আদিৰ পোচাক পৰিধান কৰি ভাওনাৰ বচন, বিলাপ, পয়াৰ আদি পৰিৱেশন কৰি নগাঁৱৰ আৰক্ষী নিবেশত এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে আৰক্ষীৰ লোকসকলে । এই ক্ষেত্ৰত আৰক্ষীৰ শীৰ্ষ বিষয়া সকলেও সহযোগ কৰে । নগাঁও আৰক্ষীৰ এই ইতিবাচক পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে ।
লগতে পঢ়ক :কলিয়াবৰ মাধতাৰি কলঙৰ বাকৰিত শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন