অসম

assam

Nagaon police Bihu: এদিনৰ বাবে কঁকালৰ পিষ্টল গাৰ খাকী পোচাক এৰি বিহুত নাচত মতলীয়া হ’ল নগাঁও আৰক্ষী

By

Published : Apr 30, 2023, 8:15 PM IST

জাতীয় সাজত দেখা গ’ল নগাঁৱৰ আৰক্ষীক

নগাঁও, 30 এপ্ৰিল :দেওবাৰে নগাঁও আৰক্ষী চাউনি খেলপথাৰত আয়োজন কৰা হয় আৰক্ষীৰ মুকলি বিহুৰ অনুষ্ঠান । এই বিহুৰ অনুষ্ঠানত খাকী পোছাকৰ বিপৰীতে জাতীয় সাজত দেখা গ’ল নগাঁৱৰ আৰক্ষী বিষয়া আৰু জোৱানসকলক । প্ৰাণভৰি বিহু নাচিলে আৰক্ষী অধীক্ষক লীনা দলেও (Nagaon police Bihu)। পিচ পৰি ৰোৱা নাই জোনমণি ৰাভা ৷ ঢোলৰ ছেৱত কঁকাল ভাঙিলে আৰক্ষী বিষয়াগৰাকীয়ে ৷

যিকোনো উৎসৱৰ সময়তেই সাধাৰণ নাগৰিকৰ নিৰাপত্তা দায়িত্ব ব্যস্ত থকা আৰক্ষীৰো আছে ৰঙৰ ৰঙালীত এপাক নচাৰ মন ৷ সেয়ে দৈনিক সকলো ব্যস্ততাৰ মাজতো বন্দুক এৰি হাতত ঢোল-পেঁপা লৈ বিহুতলিলৈ ওলাই আহিল নগাঁৱৰ আৰক্ষী ৷ দেওবাৰে নগাঁও আৰক্ষীয়ে আয়োজন কৰা এই মুকলি বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে নগাঁও আৰক্ষীৰ বিষয়া আৰু জোৱানসকলৰ লগতে বহু বিহুৱা-বিহুৱতীয়ে (Nagaon police organize Mukoli Bihu) । মুঠৰ ওপৰত নগাঁও আৰক্ষী দেওবাৰে কিছু সময়ৰ বাবে মতলীয়া হ’ল ৰঙালী বিহুৰ আনন্দত ৷

লগতে পঢ়ক :Rangali Bihu 2023: চাচনীৰ মথাৱনী গাঁৱত ঘৰে ঘৰে হাইদাং হুঁচৰি

ABOUT THE AUTHOR

...view details