Awareness rally in Nagaon: স্বচ্ছ আৰু সেউজ নগাঁও গঢ়াৰ লক্ষৰে নগাঁৱত পৌৰ সভাৰ সজাগতামূলক শোভাযাত্ৰা - নগাঁৱত পৌৰ সভাৰ সজাগতামূলক শোভাযাত্ৰা
নগাঁও, 31 মাৰ্চ : স্বচ্ছ আৰু সেউজ নগাঁও গঢ়াৰ লক্ষ্যৰে নগাঁৱৰ ৰাজপথত নগাঁও পৌৰসভাৰ উদ্যোগত বৃহস্পতিবাৰে বিয়লি ভাগত উলিওৱা হয় এক সজাগতামূলক শোভাযাত্ৰা (Nagaon municipal board organized awareness rally) । নগাঁও চহৰৰ বিভিন্ন পথৰ দাঁতিত প্ৰায়েই একাংশই পেলাই দিয়া জাৱৰসমূহ নাইকিয়া কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে নিশা উলিওৱা হয় এই বিশেষ ৰেলী ।
সজাগতামূলক শোভাযাত্ৰাৰ জৰিয়তে চহৰখনৰ যিকোনো স্থানতে জাৱৰ নেপেলাই চহৰখন স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত সকলোকে সজাগ কৰাৰ উদ্দেশ্যেই নগাঁও পৌৰসভাই এই পদক্ষেপ গ্ৰহণ কৰে । নগাঁও চহৰখন সদায় স্বচ্ছ কৰি ৰাখিবলৈ অহৰহ চেষ্টা কৰা নগাঁও পৌৰ সভাই এইবাৰ ৰাইজক সচেতন কৰাৰ উদ্দেশ্যে উলিয়াই সজাগতামূলক শোভাযাত্ৰা (Awareness rally in Nagaon)।
উক্ত শোভাযাত্ৰাত নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ পৌৰপতি সীমান্ত বৰা, পৌৰ আয়ুক্তসকলৰ লগতে পৌৰসভাৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও নগাঁও পৌৰসভাই নগাঁও চহৰখন স্বচ্ছ আৰু সেউজ নগাঁও গঢ়াৰ লক্ষ্যৰে কেতবোৰ যোগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল । আনকি স্বচ্ছতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল নগাঁও পৌৰসভাই ।
লগতে পঢ়ক :Rhino terror in Majuli : গঁড়ৰ মুক্ত বিচৰণত মাজুলীত পুনৰ আতংক