Naga miscreants torture Assamese people: বিজেপি জিলা পৰিষদৰ সদস্যসহ কেইবাজনকো আৱদ্ধ কৰি নিৰ্যাতন নগা দুৰ্বৃত্তৰ - নাগালেণ্ডৰ মাকলুম্বা
Published : Oct 4, 2023, 7:55 PM IST
যোৰহাট, 4 অক্টোবৰ : নাগালেণ্ডত আৱদ্ধ মৰিয়নীৰ বিজেপিৰ জিলা পৰিষদৰ সদস্য প্ৰদীপ দত্তক অৱশেষত উদ্ধাৰ । নাগালেণ্ডৰ মাকলুম্বা থানাৰ পৰা অসম আৰক্ষীয়ে নিশা উদ্ধাৰ কৰে দত্তসহ আনকেইজন লোকক ৷ নগা আৰক্ষীয়ে অসমৰ লোক কেইগৰাকীক থানালৈ নি অপহৰণৰ সমস্ত কথা অসম আৰক্ষীৰ পৰা গোপনে ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল আৰু গোপনে নাৰাখিলে হত্যা কৰাৰো ভাবুকি প্ৰদান কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰদীপ দত্তই ৷ নগা আৰক্ষী প্ৰশাসনৰ দুমুখীয়া চৰিত্ৰৰ শিহৰণকাৰী বিৱৰণ দি গ’ল বিজেপিৰ জিলা পৰিষদৰ সদস্য প্ৰদীপ দত্তই ৷
মৰিয়নীৰ পৰা ব্যৱসায় সংক্ৰান্তীয় কামত নাগালেণ্ডলৈ যোৱাৰ সময়ত মৰিয়নী কাটনি জিলা পৰিষদৰ সদস্য প্ৰদীপ দত্তসহ তিনিজন ব্যক্তিক নাগালেণ্ডৰ মাকলুম্বাৰ এজন নগা ব্যক্তিয়ে আবদ্ধ কৰি ৰাখিছিল । তাৎপৰ্যপূৰ্ণ যে বিভিন্ন সময়ত অসমৰ পৰা ব্যৱসায় সংক্ৰান্তত নাগালেণ্ডলৈ যোৱা অসমীয়া লোক সকলক একাংশ নগা দুৰ্বৃত্তই ভয় ভাবুকি দেখুৱাই আৱদ্ধ কৰি ৰাখি বৃহৎ পৰিমাণৰ ধন দাবী কৰে ৷
অপহৰণৰ বিনিময়ত ধন দিলেহে অসমীয়া লোকক মুকলি কৰি দিয়াৰ অভিযোগ দীৰ্ঘদিনীয়া আৰু নগা দুৰ্বৃত্তৰ এই ভয়ংকৰ কাৰ্যক পৰোক্ষভাৱে নগা আৰক্ষীয়ে সহায় কৰাৰ অভিযোগো সময়ে সময়ে উত্থাপন হৈ আহিছে । ব্যৱসায় সংক্ৰান্তত নাগালেণ্ডলৈ যোৱাৰ পিচত নগা দুৰ্বৃত্তই জিলা পৰিষদৰ সদস্যসহ অন্য কেইজন লোকক আৱদ্ধ কৰা বিষয়টো অসম আৰক্ষীয়ে কি দৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ।
লগতে পঢ়ক :Assamese Youth Abducted: মেৰাপানী সীমান্তৰ পৰা অসমীয়া যুৱকক অপহৰণ নগা দুৰ্বৃত্তৰ