Naga Encroachment in Assam: মেৰাপানীত নগাৰ আগ্ৰাসন; হাতত মাৰণাস্ত্ৰ লৈ অসমৰ ভূমি বেদখল
যোৰহাট, ৪ জুলাই :অসমৰ মাটিত নগাই অব্যাহত ৰাখিছে হাতত মাৰণাস্ত্ৰ লৈ ভূমি বেদখল কাৰ্য । সীমান্ত অঞ্চলত ভয়-ভাবুকিৰে ভূমি হস্তগত কৰাত উঠি-পৰি লাগিছে নগা দুৰ্বৃত্তই । আনহাতে, এই সন্দৰ্ভত জিলা উপায়ুক্তক লিখিত অভিযোগ দিয়াৰ পাচতো নিৰ্বিকাৰ গোলাঘাট জিলা প্ৰশাসন । যাৰ পৰিণতিত পুনৰ মেৰাপানীৰ অসম-নাগালেণ্ড সীমান্তৰ ডি ছেক্টৰত অব্যাহত আছে নগাৰ আগ্ৰাসন ।
এইবাৰ মেৰাপানীৰ গড়বস্তিত পুনৰ নগাই হাতত মাৰণাস্ত্ৰ লৈ অসমৰ ভূমিত কৰিছে কৃষিকাৰ্য । যাক লৈ এতিয়া চিন্তিত সীমান্তবাসী জনসাধাৰণ । উল্লেখ্য, চলিত বৰ্ষৰ মে' মাহত গড়বস্তিত নগাই অবৈধভাৱে অসমৰ ভূমি বেদখল কৰাক লৈ দুই ৰাজ্যৰ প্ৰশাসনে এক প্ৰাৰম্ভিক পৰ্যায়ত আলোচনাত মিলিত হৈ উক্ত ভূমিত দুই পক্ষৰে কাম বন্ধ কৰি থৈছিল ।
কিন্তু পুনৰ নগাই হাতত মাৰণাস্ত্ৰ লৈ সীমান্তবাসী ৰাইজক ভয়-ভাবুকিৰে বিতৰ্কিত ভূমিত অব্যাহত ৰাখিছে ভূমি বেদখল । উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত ভুক্তভোগী তৰামাই গড়ে আপোচ মীমাংসাৰ বাবে গোলাঘাট জিলা উপায়ুক্তক লিখিত আবেদন দিছিল যদিও বৰ্তমানেও কোনেধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজেও । আনহাতে, নগাই দৈনিক অব্যাহত ৰাখিছে কৃষিকাৰ্যৰে ভূমি বেদখল । ইয়াৰ বাবেও চিন্তিত হৈ পৰিছে সীমান্তবাসী জনসাধাৰণ ।
লগতে পঢ়ক :Missing news : বহিঃৰাজ্যত সন্ধানহীন টিংখাঙৰ যুৱক; মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী