CBSE Class 10th Result 2022: নাফিছা আৰু ফাৰিহাৰ ফলাফলে হাঁহি বিৰিঙালে পৰিয়ালত - CBSE Class 10 results declared
নগাঁও, ১৩ মে':শুকুৰবাৰে ঘোষণা হোৱা CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত সফলতাৰে উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল নগাঁৱৰ দুই যমজ ভগ্নী (CBSE Class 10th Result 2022) । নাম নাফিছা আহমেদ আৰু ফাৰিহা আহমেদ (Nafisha and Fariha brings glory to Nagaon) । নগাঁৱৰ মিছাৰ সেনা বাহিনীৰ কাৰ্যালয়স্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল নগাঁও চহৰৰ আজাদ নগৰৰ দুই ভগ্নী নাফিছা আহমেদ আৰু ফাৰিহা আহমেদ ।
সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত নাফিছা আহমেদে মুঠ নম্বৰ ৬০০ ভিতৰত ৫৬০ আৰু ফাৰিহা আহমেদে মুঠ ৫৪৭ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হয় দশম শ্ৰেণীৰ পৰীক্ষাত (CBSE Class 10 results declared) । ইয়াৰে নাফিছা আহমেদে ইংৰাজীত সৰ্বাধিক ৯৮ আৰু ফাৰিহাই সমাজ বিজ্ঞানত সৰ্বাধিক ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।
নগাঁও চহৰৰ অধিবক্তা ছফিউল ইছলাম আৰু জুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা জেচমিনা আহমেদৰ সু কন্যাদ্বয়ৰ সফলতাত এতিয়া উৎফুল্লিত পৰিয়ালৰ লগতে নাফিছা আৰু ফাৰিহাৰ আত্মীয় (CBSE 10th Results) । ইতিমধ্যেই গুৱাহাটীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰি উচ্চশিক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে দুই কীৰ্তি ছাত্ৰী নাফিছা আৰু ফৰিহাই ।
লগতে পঢ়ক:Rongali Bihu celebrate: কলগাছিয়াত ৰঙালী বিহু উৎসৱ উদযাপন