অসম

assam

Majuli Dakhinpat Satra: মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত পৰম্পৰাগত নৱান্ন উৎসৱ

By

Published : Dec 9, 2022, 6:12 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

আঘোণৰ পথাৰৰ সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে চহা কৃষক ৷ ইতিমধ্যেই আৰম্ভ হৈছে অসমীয়া চহা জীৱনৰ পৰম্পৰা ন-খোৱা উৎসৱ ৷ মাজুলীও তাৰ ব্যতিক্ৰম নহয় ৷ মাজুলীৰ সত্ৰতো পালন কৰা হৈছে নৱান্ন উৎসৱ(Majuli Satra) ৷ মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত পৰম্পৰা আৰু আধ্যাত্মিকতাৰে পালন কৰা হৈছে নৱান্ন উৎসৱ(Majuli dakhinpat satra)। সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা আঘোণ মাহৰ কোনো এটা বিশেষ দিনত মহাপ্ৰভু যাদৱ ৰায়ৰ ওচৰত ন মাহ-প্ৰসাদ আৰু ন-অন্ন অৰ্পণৰ নিয়ম চলি আহিছে(Nabarna Utsav) । উপৰি পুৰুষক শ্ৰদ্ধা জনাই ন-চাউলেৰে শ্ৰাদ্ধ কৰি এক আধ্যাত্মিক পৰিৱেশত মহাপ্ৰভুক ন-চাউলেৰে ভোগ দিয়া হয় । এই উৎসৱৰ লগত সংগতি ৰাখি গায়ন বায়ন , নটুৱা নৃত্য আদি পৰিবেশনেৰে এক আধ্যাত্মিক নান্দনিক পৰবেশৰ সৃষ্টি হয় ঐতিহাসিক দক্ষিণপাট সত্ৰত । ইফালে নৱান্ন উৎসৱ পালন কৰাৰ পাছতহে সত্ৰাধিকাৰ, বৈষ্ণৱ আৰু সত্ৰৰ ভক্ত সকলে ন-অন্ন গ্ৰহন কৰে । শুকুৰবাৰ দিনটো নৱান্ন উৎসৱক লৈ মুখৰিত হৈ পৰে দক্ষিণপাট সত্ৰ ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details