অসম

assam

By

Published : Jan 31, 2023, 4:21 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / videos

Nalbari Flyover : উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ দাবীত নলবাৰীত আপৰ প্ৰতিবাদ

নলবাৰী, ৩১ জানুৱাৰী : মঙলবাৰে নলবাৰীত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে আম আদমী পাৰ্টিৰ নলবাৰী জিলা সমিতিয়ে (Nalbari AAP protest)৷ নলবাৰীৰ হৰিমন্দিৰৰ সম্মুখৰ উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীত ৰূপায়ন কৰে এই বিক্ষোভ কাৰ্যসূচী ৷

বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আম আদমী পাৰ্টিয়ে অতি সোনকালে নলবাৰীত নিৰ্মীয়মাণ দুখনকৈ উৰণীয়া সেঁতুৰ কাম সম্পূৰ্ণ কৰি ৰাইজক যাতায়তৰ বাবে সুচল কৰি দিবলৈ দাবী জনায় । উল্লেখযোগ্য যে পূৰ্বেও বহু দল-সংগঠনে উৰণীয়া সেঁতুৰ নিৰ্মানকাৰ্য লেহেমীয়া গতিত চলি থকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ৷ উৰণীয়া সেতু দুখন সম্পূৰ্ণ নোহোৱাত যমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈ আছে নলবাৰীৰ ৰাইজে ৷

নিৰ্মানকাৰ্যৰ লেহেমীয়া গতিয়ে সৃষ্টি কৰা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে আম আদমী পাৰ্টীৰ নলবাৰী জিলা সমিতিয়ে বিজেপি চৰকাৰ মুৰ্দাবাদ, উৰণীয়া সেঁতুৰ নিৰ্মাণ কেতিয়া সম্পূৰ্ণ হ’ব উত্তৰ দিয়ক ইত্যাদি শ্ল’গানেৰে উত্তাল কৰি তোলে নলবাৰীৰ আকাশ-বতাহ ।

উক্ত প্ৰতিবাদী কাৰ্যসুচীত অংশগ্ৰহণ কৰে আপৰ নলবাৰী জিলা সমিতিৰ সভাপতি আৰু সম্পাদকৰ লগতে আপৰ কেন্দ্ৰীয় নেতৃবৃন্দ তথা জ্যেষ্ঠ অধিবক্তা নাৰায়ণ দত্ত ভূঞাই (Advocate Narayan Dutta Bhuyan) ৷ উল্লেখযোগ্য যে ২০১৭ চনত নলবাৰীৰ হৰিমন্দিৰ সম্মুখত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিছিল উক্ত উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্য (Sarbananda Sonowal Nalabari flyover foundation stone)৷ কিন্তু পাঁচ বছৰ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত উৰণীয়া সেঁতু নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাত ক্ষুব্ধ হৈ পৰিছে নলবাৰীবাসী৷ পৰিণতিত মঙলবাৰে আম আদমী পাৰ্টিৰ নলবাৰী জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে যে চৰকাৰে ইচ্ছাকৃতভাৱে নলবাৰীৰ উৰণীয়া সেঁতু নিৰ্মাণত হেমাহি কৰি আছে ৷ উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱাৰ লগতে বিকল্প পথৰো অসুবিধাৰ ফলত যাতায়তৰ লগতে ব্যৱসায়িক ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

লগতে পঢ়ক:Budget 2023 : বাজেট অধিৱেশনৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ গুৰুত্বপূৰ্ণ ভাষণ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details