Robot as Nurse : চিকিৎসালয়ত নাৰ্ছৰ স্থান ল’ব ৰবটে, কৰ্ণাটকৰ ছাত্ৰৰ সফলতা - robot developed to nurse
Published : Oct 28, 2023, 10:43 PM IST
|Updated : Oct 28, 2023, 11:02 PM IST
নিউজ ডেস্ক, 28 অক্টোবৰ : খুউব কম দিনৰ ভিতৰতে হয়তো চিকিৎসালয়ত অভাৱ নহ’ব নাৰ্ছৰ ৷ কাৰণ সোনকালেই নাৰ্ছৰ বিকল্প হিচাবে চিকিৎসালয়ত উপলব্ধ হ’ব ৰবট ৷ তেনেধৰণৰ এক ৰবট ডেভেল’প কৰিছে নেচনেল ইনষ্টিটিউট অব্ ইঞ্জিনিয়াৰিঙৰ এগৰাকী ছাত্ৰই ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছাত্ৰগৰাকীয়ে জানিবলৈ দিছে ৰবটটোৱে কেনেদৰে কাম কৰিব, ইয়াৰ ব্যৱহাৰ কি আৰু ইয়াক কেনেদৰে প্ৰস্তুত কৰা হৈছে সেই সন্দৰ্ভত ৷ অভিযান্ত্ৰিকৰ ছাত্ৰ প্ৰমোদ আৰু মহীশূৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলৰ গৱেষণাৰ ফচল উক্ত ৰবটটোৰ সন্দৰ্ভত ইটিভি ভাৰতৰ আগত কয় যে কোভিড-19-ৰ সময়ত ৰোগীৰ চিকিৎসাৰ বাবে নাৰ্ছৰ অভাৱ হৈছিল । ফলত বিশেষ ছফ্টৱেৰ ইনষ্টলেশ্বনৰ জৰিয়তে উক্ত ৰবটটো ডেভেল’প কৰা হৈছে ৷ ৰবটটোৱে এটা ৱাৰ্ডত 30 গৰাকী ৰোগীৰ চিকিৎসাৰ বাবে কাম কৰিব পাৰিব বুলি ছাত্ৰগৰাকীয়ে জানিবলৈ দিছে ৷
লগতে পঢ়ক:Eli Ahmed Under Treatment : কাষত কোনো নাই, অকলশৰীয়া হৈ হাস্পতালৰ বিচনাত পৰি আছে পদ্মশ্ৰী এলি আহমেদ