Durga puja 2023: সম্প্ৰীতিৰ মিলনভূমিত পৰিণত ক্ষুদ্ৰকুছি দুৰ্গা পূজাস্থলী - সম্প্ৰীতিৰ মিলনভূমিত পৰিণত
Published : Oct 23, 2023, 2:13 PM IST
|Updated : Oct 23, 2023, 2:19 PM IST
জনীয়া, 23 অক্টোবৰ: সম্প্ৰীতিৰ মিলনভূমিত পৰিণত কলগাছিয়াৰ বালাগাওঁ ক্ষুদ্ৰকুছি দুৰ্গা পূজাস্থলী । মুছলিমে দান কৰিলে দেৱী দুৰ্গাৰ মূৰ্ত্তি । আনন্দত উৎফুল্লিত হৈ পৰিছে বালাগাওঁ ক্ষুদ্ৰকুছি দুৰ্গা পূজা উদযাপন সমিতি ।
সমগ্ৰ দেশৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াৰ বালাগাওঁ ক্ষুদ্ৰকুছিতো উলহ মালহেৰে উদযাপিত হৈ আছে শাৰদীয় দুৰ্গা পূজা । কিন্তু অন্য ঠাইৰ তুলনাত বালাগাওঁ ক্ষুদ্ৰকুছিত দেখা গ’ল ব্যতিক্ৰমী পদক্ষেপ । এইবাৰ বালাগাওঁ ক্ষুদ্ৰকুছিত শাৰদীয় দুৰ্গা পূজাত দেৱী দুৰ্গাৰ মূৰ্ত্তি কলগাছিয়াৰ স্থানীয় ইছলাম ধৰ্মাৱলম্বী সাংবাদিকসকলে দান কৰি দাঙি ধৰিলে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ অন্যতম নিদৰ্শন ।
হিন্দু-মুছলিমৰ মিলনভূমিত পৰিণত হৈছে এই পূজাস্থলী ৷ উলহ-মালহেৰে সকলোৱে মিলি চলাই আছে পূজাৰ কাৰ্যক্ৰমণিকা। এই দুৰ্গা পূজাৰ জৰিয়তে যাতে অপায়-অমঙ্গল নাশ হৈ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ সৃষ্টি হয় তাৰেই কামনা কৰিছে বালাগাওঁ ক্ষুদ্ৰকুছিৰ প্ৰতিগৰাকী নাগৰিকে ।
লগতে পঢ়ক:Singer Birendra Nath Datta : চিৰবিদায় মাগিলে লোক-সংস্কৃতিৰ গৱেষক, বিশিষ্ট শিল্পী বীৰেন্দ্ৰনাথ দত্তই