Muslim Jatiya Parishad: আমছুয়ে বিজেপি চৰকাৰৰ এজেন্ট হিচাপে কাম কৰা অভিযোগ মুছলিম জাতীয় পৰিষদৰ - Muslim Jatiya Parishad on AAMSU
Published : Sep 19, 2023, 10:35 PM IST
গুৱাহাটী, ১৯ ছেপ্টেম্বৰ: আমছুক কেন্দ্ৰ কৰি এইবাৰ সৃষ্টি হৈছে আন এক নতুন বিতৰ্কৰ। মুখ্যমন্ত্ৰীয়ে আমছুৰ দ্বাৰা উচ্ছেদিত লোকসকলক সাহাৰ্য প্ৰদান কৰা কাৰ্যক লৈ এইবাৰ গৰজি উঠিছে মুছলিম জাতীয় পৰিষদৰ নেতৃবৃন্দ।
মঙলবাৰে সংবাদ মাধ্যমৰ আগত মুছলিম জাতীয় পৰিষদৰ সভাপতি মতিউৰ ৰহমানে মত প্ৰকাশ কৰি কয় যে, আমছুয়ে ৰাজনৈতিক মুনাফাৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে এনে কাম কৰিছে। আমছুৱে দিনত আন্দোলন কৰে আৰু ৰাতি হ’লে বিজেপি চৰকাৰৰ লগত বহে। চলিত বৰ্ষৰ জুন মাহত বুঢ়া চাপৰিত উচ্ছেদিত লোকক ক্ষতিপূৰণ দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে আমছুৰ হাতত চেক অৰ্পন কৰিছিল ৷
বিজেপি আৰু আমছুক ক্ষুৰধাৰ সমালোচনা কৰি মুছলিম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয় যে, চৰকাৰী বিভাগসমূহক বাদ দি আমছুৰ জৰিয়তে উচ্ছেদিত পৰিয়ালসমূহক চেক কিয় প্রদান কৰিলে ? আমছুক চৰকাৰে ব্যক্তিগত খণ্ড হিচাপে ব্যবহাৰ কৰিছে। উচ্ছেদৰ সময়ত আন্দোলন কৰা বহু সংখ্যালঘু দল সংগঠন আছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে কোনো দলৰ লগত যোগাযোগ নকৰি কেৱল আমছুৰ লগত কিয় বৈঠক কৰিলে বুলি প্ৰশ্ন কৰে !
লগতে পঢ়ক:International Snake Bite Awareness Day: আন্তৰাষ্ট্ৰীয় সৰ্প দংশন সজাগতা দিৱস পালন