অসম

assam

ৰাষ্ট্ৰীয় পৰ্যায়ৰ তবলা কৰ্মশালা

ETV Bharat / videos

Flood in Himachal pradesh:নগাঁৱৰ তবলাবাদক হিমাচল প্ৰদেশত আৱদ্ধ - নগাঁৱৰ তবলাবাদক হিমাচল প্ৰদেশত আৱদ্ধ

By

Published : Jul 12, 2023, 7:49 PM IST

কলিয়াবৰ, ১২ জুলাই: অসমৰ তবলাবাদক হিমাচল প্ৰদেশৰ ভয়ঙ্কৰ দুৰ্যোগৰ মাজত আৱদ্ধ । নগাঁৱৰ বিশিষ্ট তবলাবাদক তথা শিক্ষক নিৰঞ্জন শইকীয়া এতিয়াও আবদ্ধ হৈ আছে হিমাচল প্ৰদেশত । হিমাচল প্ৰদেশৰ কচৌলীত যোৱা ১৯ জুনৰ পৰা পাৰৱেজ হুছেইনৰ তত্বাৱধানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক তবলা কৰ্মশালাত অংশ ল'বলৈ যোৱা অসমৰ নগাঁৱৰ বঢ়মপুৰৰ নিৰঞ্জন শইকীয়া আজিও আবদ্ধ হৈ আছে হিমাচল প্ৰদেশত ।

বুধবাৰে পৰিৱেশ কিছু উন্নত হোৱা বাবে যাতায়ত আৰম্ভ হৈছে যদিও পথৰ দুৰৱস্থাৰ বাবে কেৱল সৰু বাহনসমূহহে হিমাচল প্ৰদেশৰ পৰা যাতায়ত কৰিবলৈ সক্ষম হৈছে । নিৰঞ্জন শইকীয়া আজি যাত্ৰীবাহী বাছেৰে দিল্লীলৈ যাত্ৰা আৰম্ভ কৰি বেয়া পথৰ বাবে ভোজ নামৰ ঠাইত ৰাষ্ট্ৰীয় পথৰ ওপৰত আৱদ্ধ হৈ আছে । যোৱা চাৰি-পাঁচ দিনে প্ৰকৃতিৰ ভয়ানক ধ্বংসলীলাৰ মাজত আৱদ্ধ যথেষ্ট বিপদত পৰিছে শইকীয়াসহ আন লোকসকল । 

লগতে পঢ়ক:Increase HIV cases in Nalbari:নলবাৰীত ভয়াবহ বাবে বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা

For All Latest Updates

ABOUT THE AUTHOR

...view details