ETV Bharat Assam

অসম

assam

video thumbnail

ETV Bharat / videos

Football Tournament in Nalbari: নলবাৰীৰ লোহাৰকাঠাত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত শিল্পী অনুপম শইকীয়া - GMDA Narayan Deka

author img

By

Published : Nov 6, 2022, 1:58 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

শীতকো নেওচি নলবাৰী জিলাৰ মুকালমুৱাৰ লোহাৰকাঠাত এখন নৈশ ফুটবল খেলত অসংখ্য দৰ্শকৰ সমাগম দেখা গ'ল (Football Tournament in Nalbari)। খেলৰ লগতে দৰ্শকক আমোদ দিয়ে জনপ্ৰিয় কন্ঠশিল্পী অনুপম শইকীয়াৰ গীতে (Musician Anupam Saikia)। লোহাৰকাঠা ফুটবল একাডেমীৰ উদ্যোগত অনুষ্ঠিত হোৱা নৈশ আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলত উপস্থিত থাকি গীত পৰিবেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াই । লোহাৰকাঠা যুৱক সংঘৰ খেল পথাৰত অনুষ্ঠিত হোৱা নৈশ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী খেল অংশগ্ৰহণ কৰে সোণাপুৰ স্প’ৰ্টচ ক্লাৱ আৰু ঘোগা এফ চি দলে । নৈশ ফুটবল প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকাই (GMDA Narayan Deka) ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details