অসম

assam

ETV Bharat / videos

মৰাণত হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে নিৰ্মাণ হ'ব সংগ্ৰহালয় - মৰাণৰ হেমপ্ৰভা চুতীয়া

🎬 Watch Now: Feature Video

মৰাণত হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে নিৰ্মাণ হ'ব সংগ্ৰহালয়

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 2:26 PM IST

ডিব্ৰুগড়, 1 জানুৱাৰী :আপোনাৰ মনত আছে নে মৰাণৰ হেমপ্ৰভা চুতীয়াৰ কথা ! তাঁ‌তশালত চাৰিখনকৈ ধৰ্মগ্ৰন্থ ক্ৰমে নামঘোষা, গুণমালা, শ্ৰীমদ্ভাগৱত গীতা ইংৰাজী আৰু সংস্কৃত ভাষাত বৈ দেশজুৰি পৰিচিত মৰাণৰ হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে কিমান ইচ্ছুক ৰজাঘৰীয়া ! কেৱল বঁটা দিয়ে দায়িত্ব সামৰিলে নেকি চৰকাৰে ! কাৰণ কাজী শিপিনী তথা পদ্মশ্ৰী বঁ‌টা প্ৰাপক চুতীয়াই দীৰ্ঘদিনে কাৰ দাবীলৈ পিঠি দিছে চৰকাৰে ৷ 

কিন্তু পদ্মশ্ৰী বঁ‌টা প্ৰাপক শিপিনী চুতীয়াক সহায়ৰ হাত আগবঢ়াইছে চুতীয়া উন্নয়ন পৰিষদে ৷ চৰকাৰক সংগ্ৰহালয় নিৰ্মাণৰ বাবে দীৰ্ঘদিনে দাবী কৰা বিষয়টো যেন বাস্তৱ ৰূপ দিয়াত চুতীয়াক সহায় কৰিছে পৰিষদৰ নেতৃবৃন্দই ৷ সেয়ে দেওবাৰে মৰাণৰ ফটিকাছোৱাত হেমপ্ৰভা চুতীয়াৰ ঘৰৰ সমীপতে নিৰ্মাণ হ'বলগা সংগ্ৰহালয়ৰ কামৰ শুভাৰম্ভ কৰা হয় ৷ চুতীয়া উন্নয়ন পৰিষদৰ ১০ লাখ টকা পুঁজিৰে সংগ্ৰহালয়টো নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয় ৷

শুভাৰম্ভ অনুষ্ঠানত উপস্থিত আছিল চৰাইদেউ জিলা উন্নয়ন পৰিষদৰ সদস্য জ্ঞানেন্দ চুতীয়া, ডিব্রুগড় জিলা উন্নয়ন পৰিষদৰ সদস্য বাবুল চুতীয়া, সদৌ অসম চুতীয়া ছাত্র সন্থা মুখ্য উপদেষ্টা ক্ষিৰোদ শইকীয়া, ডিব্রুগড় জিলা চুতীয়া জাতি সন্মিলনীৰ সম্পাদক দিলীপ চুতীয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক :৩১ ডিচেম্বৰৰ নিশা টিংখাঙত সুৰামত্ত চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details