অসম

assam

চিমেন চাপৰিৰ বালিগাঁৱত মুৰংঘৰ উন্মোচন

ETV Bharat / videos

চিমেন চাপৰিৰ বালিগাঁৱত মুৰংঘৰ উন্মোচন - Mising autonomous council

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 3:31 PM IST

জোনাই, ২৮ নৱেম্বৰ : চিমেনমুখ গাঁও পঞ্চায়তৰ চিমেন বালিগাঁৱত মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা ২০২২-২৩ বিত্তীয় বৰ্ষৰ পুঁজিৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হ’ল মুৰংঘৰ ৷ উক্ত মুৰংঘৰটো শুভ উদ্বোধন কৰে পৰিষদৰ ৯ নং মুক্তিয়াৰ সমষ্টিৰ সদস্য প্ৰতাপ চন্দ্ৰ টায়েই ৷ অৰ্ধশতাধিক লোক উপস্থিত থকা অনুষ্ঠানটোত সংবাদমাধ্যমৰ আগত আলি আঃয়ে লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা সন্দৰ্ভত মন্তব্য কৰে প্ৰতাপ চন্দ্ৰ টায়েই ৷

তেওঁ কয় ‘‘ যিসকলে আলি আঃয়ে লৃগাঙক চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাইছে তেওঁলোকক আমি আদৰণি জনাইছোঁ ৷ চৰকাৰে আজি ১০ খন জিলাত লৃগাঙৰ বন্ধ ঘোষণা কৰিছে সেয়া আমি আদৰণি জনাইছোঁ ৷ ভৱিষ্যতে ৰাজ্যিক বন্ধৰ দাবী আমাৰ অব্যাহত থাকিব কিন্তু যিসকলে আলি আঃয়ে লৃগাঙক ৰাজ্যিক ভিত্তিত বন্ধ ঘোষণাৰ দাবী জনাইছে তেওঁলোক যদি সঁচাকৈ সচেতন, তেন্তে মিচিংসকলৰ বহু সমস্যা আছে এই ক্ষেত্ৰতো মাত মাতক ৷’’

লগতে পঢ়ক :ড্ৰাগছ সেৱন পৰিহাৰ, পৰিৱেশ সংৰক্ষণৰ আহ্বানেৰে ৰাকেশে চাইকেলেৰে ভ্ৰমণ কৰিব সমগ্ৰ অসম

ABOUT THE AUTHOR

...view details