অসম

assam

By

Published : Nov 25, 2022, 10:36 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ETV Bharat / videos

Municipality workers protest: মন্ত্ৰী যোগেন মহনৰ গৃহ চহৰত দৰমহা নাপাই পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ

সদৌ অসম পৌৰ-নিকায় কৰ্মচাৰী সন্থাৰ(All Assam Municipal Employees Association) আহ্বান মৰ্মে শুকুৰবাৰে মৰাণৰ পৌৰসভা কাৰ্যালয়তো এদিনীয়া সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে পৌৰ কৰ্মচাৰীসকলে ৷ ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ মাহ মাহ ধৰি অনাদায় হৈ থকা দৰমহা আদায় দিয়া, পৌৰসভাসমূহত কৰ্মৰত পৌৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত কাৰ্যকৰী কৰা, সুনিৰ্দিষ্ট চৰকাৰী গাঁঠনিৰ চৰকাৰী অধিসূচনা জাৰি কৰাকে ধৰি কেইবাটাও দাবীত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে পৌৰ কৰ্মচাৰীসকলে ৷ উল্লেখ্য মৰাণ পৌৰসভা কাৰ্যালয়ৰ কৰ্মচাৰীসকলেও বিগত ১৮ মাহ ধৰি দৰমহা লাভ নকৰাত পৰিয়ালত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক শীঘ্ৰে পৌৰ কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ দাবী জনাইছে পৌৰ-নিকায় কৰ্মচাৰী সন্থাই(Municipality workers strike at Moran) ৷ অন্যথা অনিৰ্দিষ্ট কালৰ বাবে কৰ্মবিৰতি পালন কৰাৰ হুংকাৰ দিয়ে কৰ্মচাৰীসকলে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details