অসম

assam

ETV Bharat / videos

Municipal board employees protest : পৌৰসভাৰ কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল ৰঙিয়া - Municipal board employees protest

By

Published : Nov 25, 2022, 2:25 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ৰাজ্যজুৰি পৌৰসভাৰ কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে (Municipal employees protest)। বিভিন্ন জিলাৰ লগতে কামৰূপৰ ৰঙিয়াতো পৌৰসভাৰ কাৰ্যালয়ৰ গেটত তলা লগাই পৌৰকৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বকেয়া দৰমহা আদায় আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত এই প্ৰতিবাদ পৌৰসভাৰ কৰ্মচাৰীসকলৰ । শতাধিক কৰ্মচাৰীয়ে বিভাগীয় মন্ত্ৰী তথা চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে (Rangia municipal board worker protest)। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে বছৰ বছৰ ধৰি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি অহাৰ পাছতো তেওঁলোক বঞ্চিত হৈ আহিছে । পৌৰসভা ভেদে বিগত প্ৰায় ৬ মাহৰ পৰা ৩৭ মাহ পৰ্যন্ত দৰমহা লাভ নকৰাৰ ফলত কৰ্মচাৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । ইয়াৰ বিপৰীতে সুদীৰ্ঘ ৪৭ বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই অহা কৰ্মচাৰীসকলৰ সমস্যা সমাধানত কোনো গুৰুত্ব প্ৰদান কৰা নাই কোনো এখন চৰকাৰে । যাৰ বাবে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে কৰ্মচাৰীসকল । ইফালে তেওঁলোকৰ দাবীসমূহ পূৰণ নহ'লে অনাগত দিনত ভয়ংকৰ আন্দোলন কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details